ভাৰত

সমাজক অহিংসা, সততাৰ নীতিৰে আগুৱাই লৈ যোৱা জাতিৰ পিতা ‘মহাত্মা গান্ধী’ৰ আজি জন্মজয়ন্তী…

সমগ্ৰ বিশ্বকে সত্য আৰু অহিংসাৰ আদিপাঠ পঢ়োৱা জাতিৰ পিতা গৰাকীয়ে অহিংসা নীতিৰে উলিয়াইছিল সকলো সমস্যাৰ সমাধান।

ইংৰাজৰ কঠোৰ শাসনৰ হাতোৰাৰ পৰা দেশ মাতৃক ৰক্ষা কৰা ‘ৰাষ্ট্ৰপিতা’ দেশৰ গৌৰৱৰ অন্য এক নাম। আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তী। সততা আৰু অহিংসাৰ পূজাৰী গান্ধীজী।

ইংৰাজৰ শাসনৰ পৰা ভাৰতক মুক্ত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল গান্ধীজীয়ে। সমগ্ৰ বিশ্বকে সত্য আৰু অহিংসাৰ আদিপাঠ পঢ়োৱা জাতিৰ পিতা গৰাকীয়ে অহিংসা নীতিৰে উলিয়াইছিল সকলো সমস্যাৰ সমাধান।

গান্ধীজীৰ প্ৰকৃত নাম আছিল মোহনদাস কৰমচাঁদ গান্ধী। ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত জন্মগ্ৰহণ কৰিছিল বাপুজীয়ে। জীৱিত কালত দেশৰ বাবে জীৱন উচৰ্গা কৰা গান্ধীজীয়ে সকলোকে দেখুৱাইছিল শান্তিৰ পথ।

কেৱল ভাৰতৰ স্বাধীনতা আন্দোলনতে নহয়, দক্ষিণ আফ্ৰিকাটো বৰ্ণবৈষ্যমতা আঁতৰোৱাৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল বাপুজীয়ে। ৰাষ্ট্ৰপিতা, জাতিৰ পিতাগৰাকীক সুঁৱৰি তেখেতৰ জন্মদিনটো প্ৰতি বছৰে গান্ধী জয়ন্তী হিচাপে পালন কৰে দেশবাসীয়ে।

গান্ধীজীৰ আদৰ্শৰে আগবাঢ়ি যাওঁক সকলো। সততা, অহিংসা আৰু শান্তিৰে আগুৱাই যাওঁক সমাজ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 4 =

Check Also
Close
Back to top button