ভাৰতৰাষ্ট্ৰীয় সুৰক্ষা

সীমান্তত পাকিস্তানী আৰু চীনা সৈন্যৰ সৈতে উপহাৰ বিনিময় কৰি নৱবৰ্ষ উদযাপন কৰিলে ভাৰতীয় সেনাই

২০২০ চনৰ মে' মাহৰ পৰা ভাৰত-চীনৰ মাজত চলি থকা চিন্তনীয় পৰিস্থিতিৰ মাজতে বছৰৰ প্ৰথম দিনটোত লাডাখৰ হট স্প্ৰিংছ, ডেমচোক অঞ্চলত ভাৰত আৰু চীনৰ সেনাসকলে উপহাৰ দি ইখন দেশে সিখন দেশক জনালে শুভেচ্ছা।

নতুন বছৰক লৈ নতুন উছাহ। নৱবৰ্ষ ২০২২ক উলহ-মালহেৰে আদৰিলে বিশ্ববাসীয়ে। ভাৰতৰ ভিন্ন ঠাইত নৱবৰ্ষক আদৰাৰ সময়তে ভাৰত সীমান্ততো ভাৰতীয় সেনাই উদযাপন কৰিলে নৱবৰ্ষ। চীনা সৈন্যৰ সৈতে উপহাৰ বিনিময় কৰিলে ভাৰতীয় সেনাই।

২০২০ চনৰ মে’ মাহৰ পৰা ভাৰত-চীনৰ মাজত চলি থকা চিন্তনীয় পৰিস্থিতিৰ মাজতে বছৰৰ প্ৰথম দিনটোত লাডাখৰ হট স্প্ৰিংছ, ডেমচোক অঞ্চলত ভাৰত আৰু চীনৰ সেনাসকলে উপহাৰ দি ইখন দেশে সিখন দেশক জনালে শুভেচ্ছা।

 

কেৱল চীনা সৈন্যৰ সৈতেই নহয়, পাকিস্তানী সৈন্যৰ সৈতেও উপহাৰ সলনা-সলনি কৰিলে ভাৰতীয় সেনাই।


নৱবৰ্ষৰ প্ৰথম দিনটোতে এইদৰে চীনা সৈন্য আৰু পাকিস্তানী সৈন্যই উপহাৰ বিনিময় কৰাটো সঁচায়ে এক যোগাত্মক বাতৰি। ২০২২ চনৰ আৰম্ভণিৰে পৰা পাৰস্পৰিক বিশ্বাস আৰু প্ৰশান্তি বৃদ্ধিৰ বাবে ভাৰতীয় সেনাই লৈছে এই বিশেষ পদক্ষেপ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.