আন্তঃৰাষ্ট্ৰীয়খেল
Trending

Tokyo Olympics:টকিঅ’ত হিন্দী গীতৰ তালে-তালে ইজৰাইলী সন্তৰণবিদৰ নাচ

অলিম্পিকৰ কলাসুলভ সাঁতোৰত অংশগ্ৰহণ কৰিছিল দুই ইজৰাইলী খেলুৱৈয়ে

হিন্দী গীতৰ ছন্দৰে মুখৰিত টকিঅ’ অলিম্পিক। অলিম্পিকত বাজিছে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী মাধুৰী দীক্ষিতৰ চিনেমাৰ গীত ‘Aaja Nachle’।

ইজৰাইলৰ দুগৰাকী সন্তৰণবিদ ক্ৰমে ইডেন ব্লেচাৰ আৰু শ্যেলী ববৰিটস্কীয়ে ‘Aaja Nachle’ৰ ছন্দত সুন্দৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে। অলিম্পিকৰ কলাসুলভ সাঁতোৰত অংশগ্ৰহণ কৰিছিল দুই ইজৰাইলী খেলুৱৈয়ে।

অলিম্পিকত ইজৰাইলী খেলুৱৈয়ে হিন্দী গীতত নৃত্য পৰিৱেশন কৰা ভিডিঅ’ ক্ষন্তেকতে ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। এই ভাইৰেল ভিডিঅ’ দেখি উৎফুল্লিত হৈ পৰিছে ভাৰতবাসী।

যদিও দুই খেলুৱৈয়ে অলিম্পিকত পদক জয় কৰিবলৈ সক্ষম নহ’ল, তথাপি তেওঁলোকে জয় কৰিলে প্ৰত্যেকজন ভাৰতীয়ৰ হৃদয়। আনকি এই ভিডিঅ’ দেখাৰ পাছতে এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে, “এয়া সঁচায়ে মনোমোহা। মাধুৰী দীক্ষিত আপুনি এয়া দেখিছেনে”?

ভাৰতীয় চিনেমাৰ গীত টকিঅ’ত ব্যৱহাৰ কৰোটো সঁচায়ে ভাৰতবাসীৰ বাবে এটা সুখবৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.