nationalভাৰত

‘বিকাজী ফুডছ’ৰ প্ৰতিষ্ঠাপক শিৱৰতন আগৰৱালৰ দেহাৱসান

তেওঁৰ আটাইতকৈ ডাঙৰ অৱদান আছিল পৰম্পৰাগতভাৱে হাতৰে তৈয়াৰী 'বিকানেৰী ভুজিয়া'ক আধুনিক মেচিনৰ সহায়ত বৃহৎ পৰিমাণে উৎপাদন কৰা। ইয়াৰ ফলত এই সোৱাদ সমগ্ৰ বিশ্বতে উপলব্ধ হৈ পৰিল। প্ৰথম অৱস্থাত তেওঁ হাতেৰে ভুজিয়া প্ৰস্তুত কৰি বিক্ৰী কৰিছিল যদিও লাহে লাহে তেওঁ যন্ত্ৰ ব্যৱহাৰ কৰিবলৈ লৈছিল।

কাজী ফুডছ ইণ্টাৰনেশ্যনেল (Bikaji Foods)ৰ প্ৰতিষ্ঠাপক শিৱৰতন আগৰৱালৰ দেহাৱসান। ২৩ এপ্ৰিল, বৃহস্পতিবাৰে ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে শিৱ ৰতন আগৰৱালে। তেওঁক ‘বাবুজী’ বুলিও জনা গৈছিল আৰু তেওঁ বিকানেৰী ভুজিয়া আৰু অন্যান্য পৰম্পৰাগত ভাৰতীয় জলপান (snacks) বিশ্বজুৰি জনপ্ৰিয় কৰাত মুখ্য ভূমিকা পালন কৰিছিল।

জানিব পৰা মতে হাৰ্ট এটেকৰ ফলত মৃত্যু হয় আগৰৱালৰ। তেওঁৰ পত্নীৰ শেহতীয়াকৈ চেন্নাইত বাইপাছ চাৰ্জাৰী (bypass surgery) হৈছিল আৰু তেওঁৰ চিকিৎসাৰ বাবেই আগৰৱাল পৰিয়ালৰ সৈতে চেন্নাইত আছিল। সেই সময়তে হোটেলত থকা অৱস্থাত হঠাৎ শিৱৰতন আগৰৱালৰ স্বাস্থ্যৰ অৱনতি ঘটে। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। এতিয়া শিৱৰতন আগৰৱালাৰ মৃত্যুৱে সকলোৱে আচৰিত কৰি তুলিছে। কোনোধৰণৰ আনুষ্ঠানিক ডিগ্ৰী নথকাৰ পিছতো তেওঁ বহু কোটি টকীয়া কোম্পানী গঢ়ি তুলিছিল আৰু বিকানেৰৰ প্ৰামাণিক সোৱাদক বিশ্ব স্তৰলৈ লৈ গৈছিল।

অষ্টম শ্ৰেণী উত্তীৰ্ণ শিৱৰতন আগৰৱালে সাত সাগৰৰ সিপাৰে বিকানেৰৰ সোৱাদ কঢ়িয়াই লৈ গৈছিল। ভুজিয়া বিক্ৰীৰ পৰা আৰম্ভ কৰি তেওঁ কোটি কোটি মূল্যৰ ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তুলিছিল। ১৯৮৭ চনত তেওঁ ‘বিকাজী ভুজিয়া’ মুকলি কৰিছিল। কিন্তু বিকাজী ভুজিয়াৰ শিপা যে প্ৰকৃততে ‘হালদীৰাম’ৰ পৰাই আৰম্ভ হৈছে, সেই কথা অতি কম সংখ্যক লোকেহে জানে। শিৱৰতন আগৰৱালা বিখ্যাত ‘হালদীৰাম’ (Haldiram) ব্ৰেণ্ডৰ প্ৰতিষ্ঠাপক গংগাবিষন আগৰৱালাৰ নাতি আছিল। কিন্তু পিছত পৰিয়াল দুটাই স্বতন্ত্ৰভাৱে ব্যৱসায় চলাবলৈ আৰম্ভ কৰিলে। পৰিয়ালৰ মূল ব্যৱসায়ৰ পৰা আঁতৰি আহি তেওঁ ১৯৮৬ চনত নিজাকৈ ‘শিৱদীপ ফুড প্ৰডাক্টছ’ আৰম্ভ কৰে। ১৯৯৩ চনত তেওঁ ‘বিকাজী’ ব্ৰেণ্ডটো মুকলি কৰে।

শিৱৰতন আগৰৱালে অষ্টম শ্ৰেণীতে আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰিছিল। তেওঁ নিজৰ ককাকৰ পৰা ভুজিয়া বনাবলৈ শিকিছিল। তেওঁৰ আটাইতকৈ ডাঙৰ অৱদান আছিল পৰম্পৰাগতভাৱে হাতৰে তৈয়াৰী ‘বিকানেৰী ভুজিয়া’ক আধুনিক মেচিনৰ সহায়ত বৃহৎ পৰিমাণে উৎপাদন কৰা। ইয়াৰ ফলত এই সোৱাদ সমগ্ৰ বিশ্বতে উপলব্ধ হৈ পৰিল। প্ৰথম অৱস্থাত তেওঁ হাতেৰে ভুজিয়া প্ৰস্তুত কৰি বিক্ৰী কৰিছিল যদিও লাহে লাহে তেওঁ যন্ত্ৰ ব্যৱহাৰ কৰিবলৈ লৈছিল। পিছত বিকাজী ভাৰতৰ প্ৰথমটো কোম্পানী হৈ পৰে যিয়ে ভুজিয়া উৎপাদনৰ বাবে কাৰখানা স্থাপন কৰিছিল। তেওঁলোকে ভুজিয়া আৰু নমকিন প্ৰস্তুত কৰিবলৈ মেচিনৰ ব্যৱহাৰ কৰিছিল। তাৰ পিছত পেকেজিঙৰ পৰা আৰম্ভ কৰি বিজ্ঞাপনলৈকে তেওঁ নিজৰ মনোযোগ স্থানান্তৰিত কৰিলে। যাৰ ফলত এই সোৱাদ কেৱল ভাৰততে নহয়, আন্তঃৰাষ্ট্ৰীয় বজাৰতো বিয়পি পৰিল। আজি বিকাজীয়ে ২৫০ বিধতকৈও অধিক সামগ্ৰী প্ৰস্তুত কৰে। আমেৰিকা, ইউ এ ই, অষ্ট্ৰেলিয়া, ৰাছিয়া, ফ্ৰান্স, জাৰ্মানী, স্পেইন,নেদাৰলেণ্ড আদিকে ধৰি ৩২খন দেশত এই কোম্পানী উপলব্ধ। আজি বিকাজীৰ সামগ্ৰী বিশ্বৰ ৪০ খনতকৈও অধিক দেশলৈ ৰপ্তানি কৰা হয়।

সম্প্ৰতি শিৱৰতন আগৰৱালাৰ পুত্ৰ দীপক আগৰৱালে ব্যৱসায়টোক আগুৱাই লৈ গৈছে। এফএমচিজিৰ বজাৰত দৃঢ়ভাৱে নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে কোম্পানীটোৱে। কোম্পানীটোৰ বজাৰ মূলধন প্ৰায় ১৭,৩৩১ কোটি টকা। তেওঁৰ ব্যক্তিগত সম্পত্তিৰ পৰিমাণ ১৫,২৭৯ কোটি টকা। এতিয়া শিৱৰতন আগৰৱালাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰই এই ব্যৱসায়ক আগুৱাই লৈ যাব বুলি আশা কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × two =

Back to top button