ৰাজনৈতিক

‘মই আকৌ আহিম’, পদত্যাগৰ পূৰ্বে কি ঘোষণা কৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই?

সহায়-সহযোগিতা আগবঢ়োৱাসকললৈও ধন্যবাদ জ্ঞাপন কৰে থাকৰেই। ৰাজ্যপাললৈ পদত্যাগ পত্র প্রেৰণ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ লগতে বিধান পৰিষদৰ সদস্য পদো ত্যাগ কৰে থাকৰেই।

মহাৰাষ্ট্ৰৰ ৰাজনীতিত নাটকীয় পৰিৱৰ্তন। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী পদৰ পৰা পদত্যাগ কৰিলে উদ্ধৱ থাকৰেই। ফেচবুক LIVEৰ জৰিয়তে জনতাক সম্বোধন কৰি পদত্যাগৰ কথা ঘোষণা কৰিলে থাকৰেই।

 

উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ উদ্ধৱ থাকৰেৰ। মাৰাঠী ভাষাতে মহাৰাষ্ট্রবাসীক সম্বোধন কৰি থাকৰেই নিজৰ দলীয় মানুহে বিশ্বাসঘাতকতা কৰা বুলি প্রতিক্ৰিয়া প্ৰকাশ কৰে। লগতে তেখেতক সহায়-সহযোগিতা আগবঢ়োৱাসকললৈও ধন্যবাদ জ্ঞাপন কৰে থাকৰেই। ৰাজ্যপাললৈ পদত্যাগ পত্র প্রেৰণ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ লগতে বিধান পৰিষদৰ সদস্য পদো ত্যাগ কৰে থাকৰেই।

 

ফেচবুক লাইভতেই শিৱসেনাৰ নেতাগৰাকীয়ে কয় যে, ‘মই অপ্ৰত্যাশিতভাৱে শাসনলৈ আহিছিলো আৰু মই একে ধৰণেই ওলাই আহিছো। মই চিৰদিনৰ বাবে নাযাওঁ, ইয়াতে থাকিম আৰু আকৌ এবাৰ শিৱসেনা ভৱনত বহিম। মই মোৰ সকলো দলীয় লোকক একত্ৰিত কৰিম। মই মুখ্যমন্ত্ৰী আৰু বিধান পৰিষদৰ সদস্য হিচাপেহে পদত্যাগ কৰিছো। মই আকৌ আহিম’।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.