ভাৰতস্বাস্থ্য

সাৱধান ! দেশত এইবাৰ Tomato Fluৰ সংক্ৰমণ

দেশত নতুনকৈ শিশুসকল আক্ৰান্ত হৈছে এই বিৰল প্ৰজাতিৰ ভাইৰাছত

ভয়াৱহ ভাইৰাছ! এইবাৰ Tomato Fluৰ সংহাৰ

ক’ভিড, মাংকীপক্সৰ পিছত এইবাৰ Tomato Flu!দেশত নতুনকৈ শিশুসকল আক্ৰান্ত হৈছে এই বিৰল প্ৰজাতিৰ ভাইৰাছত৷ এই ভাইৰাছৰ বাবে এতিয়া শংকিত হৈ পৰিছে সমূহ দেশবাসী৷ এই ভাইৰাছ সংক্ৰমিত হ’লে শৰীৰত ৰঙা ৰঙা ফোহাৰ সৃষ্টি হয়৷ ইয়াৰ লক্ষণ প্ৰায় ডেংগুৰ দৰেই৷ কেৰেলা আৰু ওড়িশাত এই ৰোগত আক্ৰান্তৰ সংখ্যা বঢ়াৰ বাবে কঠোৰ সতৰ্কতা জাৰি কৰিছে। তথ্য অনুসৰি ভাৰতত ৮০ জনতকৈ অধিক লোক বৰ্তমান Tomato Flu ৰোগী চিনাক্ত কৰা হৈছে৷ ১-৯ বছৰ বয়সৰ শিশুসকলক বেছিকৈ প্ৰভাৱিত কৰিছে এই ৰোগে৷

Tomato Flu কি?

Tomato Flu হৈছে এবিধ বিৰল ভাইৰাছজনিত ৰোগ, যাৰ ফলত ৰঙা ৰঙৰ ফোহা ওলায়, ছালৰ বিষ আৰু পানীলগা হয় আৰু ইয়াৰ ফলত হোৱা ফোহাবোৰৰ পৰা বেলেগ ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷ ই এক প্ৰকাৰৰ হেণ্ড, ফুট এণ্ড মাউথ ডিজিজ (HFMD)।

Tomato Fluৰ লক্ষণ-

— জ্বৰ

— মুখত বিষ হোৱা ঘাঁ

— হাত, ভৰিত ফোহা ওলোৱা

— শৰীৰৰ বিষ

— গাঁঠি ফুলা

— ভাগৰ

— ছালৰ বিষ

— পানীলগা

— পেটবিষ

ইত্যদি৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.