ৰাজনৈতিক

ভয়াবহ পৰিস্থিতি! তালিবানৰ আগত আঠু লোৱাৰ দিশে আফগানিস্তান

আফগানিস্তানৰ ৰাষ্ট্ৰপতি আছৰৱ গনীৰ পলায়ন

ক্ৰমান্বয়ে অতি ভয়াবহ হৈ পৰিছে আফগানিস্তানৰ পৰিস্থিতি। পুনৰ তালিবানী শাসনৰ দিশে গতি কৰিছে দেশখন।

আফগানিস্তানৰ ৰাষ্ট্ৰপতি আছৰৱ গনীয়ে প্ৰাণৰ মমতাত দেশখনৰ পৰা পলায়ন কৰাৰ পিছতে ৰাষ্ট্ৰপতি ভৱন নিজৰ কব্জালৈ আনে তালিবানে।

পলায়ন কৰা ৰাষ্ট্ৰপতিয়ে বৰ্তমানে ওমানৰ আমেৰিকা দুতাবাসত বাস কৰি আছে। তেওঁ কয় যে, তাৰ পৰা পলায়ন নকৰিলে, তেন্তে জনতাৰ প্ৰতি ভাবুকি আহি পৰিলহেতেন। তালিবানীয়ে ভাবুকি প্ৰদান কৰাৰ বাবেই গুচি আগিব লগা হয় ৰাষ্ট্ৰপতিগৰাকী।

দেশখনৰ অন্যতম বিমানবন্দৰ কাবুল বিমান বন্দৰত অগ্নি সংযোগ কৰে তালিবানে। তালিবানৰ ঘোষণা, দেশখনৰ অৰাজকতা শেষ কৰাৰ উদ্দেশ্যে হে এইদৰে কাবুলত প্ৰৱেশ কৰিছে।

তালিবনৰ প্ৰৱেশৰ পিছতে ৰাজধানীৰ পৰা পলায়ন কৰিব ধৰিছে বহু স্থানীয় লোকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + 17 =

Back to top button