Socialঅসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়বিশ্বভাৰত

আজি আন্তৰ্জাতিক নাৰী দিৱস! কিয় পালন কৰা হয় এই দিৱস?

প্ৰতি বছৰ ৮ মাৰ্চ তাৰিখে এই দিৱস পালন কৰা হয়। সমগ্ৰ বিশ্বব্যাপী নাৰীসকলে আজিৰ দিনটোত এই দিৱস উদ্‌যাপন কৰে।

আজি আন্তৰ্জাতিক নাৰী দিৱস। প্ৰতি বছৰ ৮ মাৰ্চ তাৰিখে এই দিৱস পালন কৰা হয়। সমগ্ৰ বিশ্বব্যাপী নাৰীসকলে আজিৰ দিনটোত এই দিৱস উদ্‌যাপন কৰে।
নাৰী দিৱসৰ দিনটোত বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ বিষয়ক প্ৰধান্য দিয়া হয়। ক’ৰবাত যদি নাৰীৰ প্ৰতি সাধাৰণ সন্মান আৰু শ্ৰদ্ধা উদ্‌যাপন মুখ্য বিষয় হয়, আকৌ ক’ৰবাত মহিলাসকলৰ আৰ্থিক , ৰাজনৈতিক আৰু সামাজিক প্ৰতিষ্ঠায়ে বেছি গুৰুত্ব পায়।

ইতিহাস
এই দিৱস উদ্‌যাপনৰ লগত নাৰী শ্ৰমিকৰ অধিকাৰ আদায়ৰ সংগ্ৰামৰ ইতিহাস জড়িত হৈ আছে। ১৮৫৭ চনত মজুৰি বৈষম্য, কৰ্মঘণ্টা নিৰ্দিষ্ট কৰা, কামৰ অমানৱিক পৰিৱেশৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ সূতা কাৰখানাৰ নাৰী শ্ৰমিক সকলে আন্দোলন কৰিছিল। সেই আন্দোলন চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল। ১৯০৮ চনত নিউয়ৰ্কৰ সামাজিক গণতান্ত্ৰিক নাৰী সংগঠনে আয়োজিত কৰা নাৰী সমাবেশত জাৰ্মান সমাজতান্ত্ৰীক নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হৈছিল। ক্লাৰা এগৰাকী জাৰ্মান ৰাজনীতিবিদ; জাৰ্মান কমিউনিষ্ট পাৰ্টিৰ সদস্য। তাৰপিছত ১৯১০ চনত ডেনমাৰ্কৰ কপেনহেগেনত অনুষ্ঠিত হয় দ্বিতীয় আন্তজাৰ্তিক নাৰী সন্মিলন। ১৭ খন দেশৰ পৰা ১০০ জন নাৰী প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিছিল। এই সন্মিলনতে ক্লাৰায়ে প্ৰতি বছৰে ৮ মাৰ্চক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ দিয়ে। তাৰ ফলশ্ৰুতিত ১৯১১ চনৰ পৰা নাৰীসকলৰ সম-অধিকাৰ দিৱস হিচাপে এই দিনটো পালন কৰা হয়। এই দিৱস পালন কৰিবলৈ বিভিন্ন দেশৰ সমাজতন্ত্ৰীসকল আগবাঢ়ি আহে। ১৯১৪ চনৰ পৰা কেইবাখনো দেশত ৮ মাৰ্চ পালন কৰিবলৈ আৰম্ভ কৰা হল। ১৯৭৫ চনত ৮ মাৰ্চক আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰা হয়। এই দিৱস পালন কৰিবলৈ বিভিন্ন ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘই আহ্বান জনায়। তাৰ পিছৰ পৰা গোটেই পৃথিৱীজুৰি এই দিন নাৰীৰ সমঅধিকাৰ আদায়ৰ প্ৰত্যয় পুনৰ্ব্যক্ত কৰাৰ অভীপ্সা লৈ পালন কৰা হৈছে।

প্ৰতি বছৰে আন্তৰ্জাতিক নাৰী দিৱসৰ এটা বিশেষ ‘থীম’ থাকে। এইবাৰৰ ‘থীম’ হৈছে, “gender equality today for a sustainable tomorrow”.

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.