দুৰ্ঘটনা

বৰ্তমানেও সন্ধানহীন উত্তৰাখণ্ড দুৰ্ঘটনাৰ অসমৰ পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকা

মঙলবাৰে উত্তৰাখণ্ডত সংঘটিত হয় ভয়াৱহ অঘটন

বৰ্তমানেও সন্ধানহীন উত্তৰাখণ্ড দুৰ্ঘটনাৰ অসমৰ পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকা

মঙলবাৰে উত্তৰাখণ্ডত সংঘটিত হয় ভয়াৱহ অঘটন৷ উত্তৰকাশী শৃংগত হিমস্খলন হৈ ১০গৰাকী পৰ্বতাৰোহীৰ মৃত্যু হয়৷ লগতে আন কেইবাজনো পৰ্বতাৰোহী হিমস্খলনৰ মাজত আৱদ্ধ হৈ পৰে৷

জানিব পৰা মতে, নেহৰু ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিং (এনআইএম)ৰ অধ্যক্ষ কৰ্ণেল অমিত বিষ্টে কয় যে, প্ৰতিষ্ঠানখনৰ ৩৪ জনীয়া প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী আৰু সাতজন প্ৰশিক্ষকৰ এটা দল উভতি অহাৰ সময়তে পুৱা ৮.৪৫ বজাত হিমস্খলনৰ ঘটনা সংঘটিত হৈছিল ৷

উত্তৰকাশী দুৰ্যোগ ব্যৱস্থাপনা বিষয়া দেৱেন্দ্ৰ পাটৱালে জনোৱা অনুসৰি আৱদ্ধ সকলৰ ভিতৰত আছে অসমৰ পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকা৷ আঠজনক উদ্ধাৰ কৰা হৈছে ৷ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ইণ্ডো-তিব্বত সীমান্ত আৰক্ষী আৰু এনআইএমৰ পৰ্বতাৰোহীৰ এটা দলে ইতিমধ্যে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.