Socialঅসমপৰ্যটন

প্ৰকৃতিৰ ৰুষ্ট ৰূপ ধাৰণ উত্তৰ ছিকিমত

ফেনে-ফোটোকাৰে বাঢ়িছে তীস্তা নৈৰ জলপৃষ্ঠ

প্ৰকৃতিৰ ৰুষ্ট ৰূপ ধাৰণ উত্তৰ ছিকিমত ।ধাৰাসাৰ বৰষুণে ফলত উত্তৰ ছিকিমত বান আৰু ভূমিস্খলত দৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।যাৰ ফলত ফেনে-ফোটোকাৰে বাঢ়িছে তীস্তা নৈৰ জলপৃষ্ঠ।ইতিমধ্যে বৰষুণৰ বাবে বহু ঠাইত পথ আৰু দলংৰ ক্ষতিসাধন হৈছে।কেৱল ইমানেই প্ৰকৃতিৰ এই ৰুষ্ট ৰূপে স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে।শেহতীয়াকৈ উত্তৰ ছিকিমৰ তীস্তা নৈ সমীপত এক বৃহৎ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ভূমিস্খলনৰ ফলত ক্ষতিসাধন হোৱাৰ ফলত স্থানীয় ৰাইজৰ মাজত শংকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক আহত হোৱা নাই ।ইয়াৰ বাহিৰেও ধাৰাসাৰ বৰষুণৰ ফলত তীস্তা নদীৰ জলপৃষ্ঠ বিপদজনক মাত্ৰালৈ বৃদ্ধি পাইছে।ভূমিস্খলনত খহি পৰিছে পাহাৰৰ শিল-মাটি।আপাৰ ডংজুৰ ৰাম’ৰ তীস্তা দলঙৰ সমীপত খহিছে শিল-মাটি।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 1 =

Back to top button