আন্তঃৰাষ্ট্ৰীয়খেলদৈনিক বাতৰিভাৰত

পেৰা অলিম্পিকৰ পৰা ভাৰতলৈ আহিছে সুখবৰ, ৰূপ আজুৰিলে খেলুৱৈ প্ৰবীণ কুমাৰে

প্ৰথম প্ৰচেষ্টাত খেলুৱৈগৰাকীয়ে ২.০১ মিটাৰ জাম্প মাৰিবলৈ সক্ষম হোৱা নাছিল যদিও দ্বিতীয় প্ৰচেষ্টাত সফল হয়

পেৰা অলিম্পিকৰ পৰা ভাৰতলৈ পুনৰ আহিছে ভাল খবৰ। শুকুৰবাৰে, পুৰুষৰ হাই জাম্প T64 ইভেন্টত এছিয়ান ৰেক’ৰ্ড গঢ়িবলৈ সক্ষম হৈছে খেলুৱৈ প্ৰবীণ কুমাৰে।

প্ৰবীণ কুমাৰে ২.০৭ মিটাৰ উচ্চতাৰে জঁপিয়াই এই ৰেক’ৰ্ড গঢ়ি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। প্ৰথম প্ৰচেষ্টাত খেলুৱৈগৰাকীয়ে ২.০১ মিটাৰ জাম্প মাৰিবলৈ সক্ষম হোৱা নাছিল যদিও দ্বিতীয় প্ৰচেষ্টাত সফল হয়। তাৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰথম প্ৰচেষ্টাত ২.০৪ মিটাৰ উচ্চতা আৰু অৱশেষত ২.০৭ মিটাৰৰ জাম্পেৰে পদক আজুৰিবলৈ সক্ষম হয়। হাই জাম্পত ৰূপৰ পদক দখল কৰাত সক্ষম হয় খেলুৱৈ প্ৰবীণ কুমাৰ।

উল্লেখযোগ্য যে, প্ৰবীণ কুমাৰৰ এই সফলতাৰ পিছতেই পেৰা অলিম্পিক ২০২০ত ভাৰতে অৰ্জন কৰা পদকৰ সংখ্যা ১১লৈ বৃদ্ধি পাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.