আঞ্চলিকপ্ৰাকৃতিক দুৰ্যোগবতৰ

৫টা দিনৰ অন্তত উদ্ধাৰ হ’ল অভিযন্তা কমলেশ তালুকদাৰৰ মৃতদেহ

৩০ তাৰিখৰ দিনা নিশা প্ৰায় ১-২ মান বজাত সংঘটিত হোৱা মণিপুৰ ভূমিস্খলনৰ আজি ষষ্ঠটো দিন

মণিপুৰ ভূমিস্খলনৰ ৫টা দিনৰ অন্তত উদ্ধাৰ হ’ল অভিযন্তা কমলেশ তালুকদাৰৰ মৃতদেহ। ৩০ তাৰিখৰ দিনা নিশা প্ৰায় ১-২ মান বজাত সংঘটিত হোৱা মণিপুৰ ভূমিস্খলনৰ আজি ষষ্ঠটো দিন।

ভূমিস্খলনত নিখোজ হোৱা বহু লোক বৰ্তমানেও সন্ধানহীন। নিয়মিত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এছ ডি আৰ এফ আৰু আন ডি আৰ এফ বাহিনীয়ে।

উদ্ধাৰ অভিযানত প্ৰতিদিনেই উদ্ধাৰ হৈছে বহু লোকৰ মৃতদেহ৷ ইখনৰ পিছত সিখন চিতা ভুমিস্খলনত মৃত্যু হোৱা লোকৰ৷ তাৰেই মাজত গোলকগঞ্জৰ কমলেশ তালুকদাৰৰ মৃতদেহ উদ্ধাৰ হয়।

মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই তালুকদাৰৰ পৰিয়ালৰ লোকে চিনাক্ত কৰে মৃতদেহটো।নিহত তালুকদাৰ ৰে’ল বিভাগৰ কনিষ্ঠ অভিযন্তা আছিল। গোলকগঞ্জৰ কালডোৱা দ্বিতীয় খণ্ড গাঁৱত ঘৰ কমলেশ তালুকদাৰৰ।

কমলেশ তালুকদাৰৰ এই মৃত্যুৰ খবৰে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোত এক শোকাকুলময় পৰিৱেশৰ সৃষ্টি কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.