অসমসংস্কৃতিসাহিত্য

ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক ওপজা দিন! কালজয়ী গীতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ

 যুগজয়ী শিল্পীগৰাকীৰ ওপজা দিনটো সমগ্ৰ অসমবাসীয়ে স্মৰণ কৰিছে গীত মাত কথাৰে

ভাৰতৰত্ন ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক ওপজা দিন। ৰাজ্যজুৰি অনুৰাগীয়ে সোঁৱৰণ কৰিলে সুধাকণ্ঠ ভূপেন হাজৰিকাক। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ওপজা দিন।

১৯২৬ৰ ৮ ছেপ্টেম্বৰত শদিয়াত জন্মগ্ৰহণ কৰা সুধাকণ্ঠ আছিল একাধাৰে গীতিকাৰ, সুৰকাৰ, সংগীতজ্ঞ, ছবি নিৰ্মাতা, কবি, গায়ক,।

যুগজয়ী শিল্পীগৰাকীৰ এই ওপজা দিনটোত সমগ্ৰ অসমবাসীয়ে গীত মাত কথাৰে তেওঁক স্মৰণ কৰিছে। কোভিড কেন্দ্ৰিক পৰিস্থিতিৰ বাবে বিভিন্ন কঠোৰ নীতি-নিয়ম বাহাল আছে যদিও শিল্পীগৰাকীৰ অনুগৰাগীসকলে তেওঁক স্মৰণ কৰিবলৈ কোভিড বিধি পালন কৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। পুৱাৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখৰিত হৈছে মহান শিল্পীগৰাকীৰ সৃষ্টিৰাজি।

উল্লেখ্য যে, ২০১১ চনৰ ৫ নৱেম্বৰত ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছৰে পৰা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে তেওঁৰ জন্ম দিনটোক সমন্বয় দিৱস হিচাপে পালন কৰি আহিছে। এইবাৰো ন্যাসে আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে যুটীয়াভাৱে ‘ভাৰত ৰত্ন ভূপেন হাজৰিকা সংগ্ৰহালয়’ৰ প্ৰেক্ষাগৃহত অনুষ্টুপীয়াকৈ পালন কৰিছে সুধাকন্ঠৰ জম্ম দিৱস।

অসমৰ প্ৰতিখন জিলাৰ প্ৰতিটো প্ৰান্ততে আজি সুধাকণ্ঠক স্মৰণ কৰিবলৈ সাজু হৈছে বিভিন্নজন। সুধাকণ্ঠৰ কালজয়ী গীতেৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.