দিল্লীভাৰতৰাজনৈতিক

লালকিল্লাৰ হিংসাত অভিযুক্ত পঞ্জাৱী অভিনেতা দীপ সিদ্ধুৰ দুৰ্ঘটনাত মৃত্যু!

কৃষক আন্দোলনত চামিল হোৱা অভিনেতাজন যোৱা বছৰৰ গণৰাজ্য দিৱসৰ দিনা নতুন দিল্লীত হোৱা হিংসাৰ গোচৰত মূখ্য় অভিযুক্ত হৈছিল। তেওঁক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁ জামিনত মুকলি হৈ আছিল। 

পঞ্জাৱী অভিনেতা দীপ সিদ্ধুৰ দুৰ্ঘটনাত মৃত্যু। কৃষক আন্দোলনত চামিল হোৱা অভিনেতাজন যোৱা বছৰৰ গণৰাজ্য দিৱসৰ দিনা নতুন দিল্লীত হোৱা হিংসাৰ গোচৰত মূখ্য় অভিযুক্ত হৈছিল। তেওঁক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁ জামিনত মুকলি হৈ আছিল।

কুণ্ডিল-মানেছাৰ-পালৱাল এক্সপ্ৰেছ ৱে’ত তেওঁৰ গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয়। দিল্লীৰ পৰা ভাটিণ্ডালৈ গৈ আছিল দীপ সিদ্ধু। তেনেতে নিশা প্ৰায় ৯.৩০বজাত তেওঁৰ গাড়ীখনে ট্ৰাকৰ পিছফালে খুন্দিয়াই দুৰ্ঘটনাগ্ৰস্ত হয়। আৰক্ষীয়ে এই দুৰ্ঘটনাৰ তথ্য সদৰি কৰিছে। হাস্পতালৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাৰ পাছত সিদ্ধুক মৃত অৱস্থাত হাস্পতাললৈ অনা হৈছিল। অভিনেতাজনৰ আকস্মিক মৃত্যুক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, লালকিল্লাত হোৱা আন্দোলনৰ সময়ত ভালেমান প্ৰতিবাদকাৰীয়ে সংঘাতৰ সৃষ্টি কৰিছিল। কিন্তু আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰাত ভালেমান লোকে আৰক্ষীৰ সৈতে হিংসাত্মক সংঘাতত লিপ্ত হয়। সিদ্ধুক এই হিংসাত জড়িত থকাৰ অভিযোগত ফেব্ৰুৱাৰী মাহত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। বিগত এপ্ৰিল মাহত তেওঁ জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.