অপৰাধদৈনিক বাতৰি

সাধাৰণ লোকক হত্যাৰ ঘটনাক ক’লা দিন আখ্যা এন এছ চি এন(আই এম)ৰ

ন এছ চি এনে(আই এম) কয়, "সেনা বাহিনীয়ে নিৰীহ নাগা লোকৰ তেজ লাগি থকা হাত কেতিয়াও ধুবলৈ সক্ষম নহ’ব।"

নাগালেণ্ডৰ মন জিলাত সেনা বাহিনীৰ দ্বাৰা নাগা লোকৰ হত্যাৰ ঘটনাই নিয়ন্ত্ৰণৰ বাহিৰ কৰি তুলিছে নাগালেণ্ডৰ পৰিস্থিতি। এই দিনটোক ক’লা দিন হিচাপে অভিহিত কৰাৰ ঘোষণা ৰাজ্যখনৰ বিদ্ৰোহী সংগঠন এনএছচিএনে(আইএম)।

সেনা বাহিনীৰ দ্বাৰা সাধাৰণ লোকক হত্যাৰ ঘটনা সন্দৰ্ভত মত প্ৰকাশ কৰি এন এছ চি এনে(আই এম) কয় যে, “সেনা বাহিনীয়ে নিৰীহ নাগা লোকৰ তেজ লাগি থকা হাত কেতিয়াও ধুবলৈ সক্ষম নহ’ব।”

উল্লেখযোগ্য যে, নাগালেণ্ডত সেনা বাহিনীৰ হাতত সাধাৰণ লোকৰ মৃত্যু হোৱাৰ পাছত সমগ্ৰ ৰাজ্যখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মন জিলাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সান্ধ্য আইন ঘোষণা কৰাৰ লগতে মোবাইল ইণ্টাৰনেট সেৱাও কৰ্তন কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.