অপৰাধভাৰত

শোকাবহ! একেখন ঘৰৰে ৫জন লোকৰ মৃতদেহ উদ্ধাৰ

সম্প্ৰতি কোনো প্ৰমাণ পাব পৰা নাই আৰক্ষীয়ে

শোকাবহ! এখন ঘৰৰে ৫জন লোকৰ মৃতদেহ উদ্ধাৰ।

বেংগালৰুৰ এখন ঘৰৰ চাৰিজন লোকক চিলিঙত ওলমি থকা অৱস্থাত আৰু ৯ মহীয়া শিশুটিক বিচনাত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল৷ উদ্ধাৰ হোৱা আঢ়ৈ বছৰীয়া কন্যা শিশুটিক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷ মৃত লোককেইজনৰ এজন ৫১বছৰীয়া সাংবাদিকৰ পত্নী ভাৰতী, তেওঁৰ দুই কন্যা ক্ৰমে ৩৪ বছৰীয়া সিঞ্চানা আৰু ৩৪ বছৰীয়া সিন্ধুৰা আৰু ২৫ বছৰীয়া পুত্ৰ মধুসাগৰ বুলি চিনাক্ত কৰা হৈছে৷ মৃত আঢ়ৈ বছৰীয়া শিশুটি এতিয়ালৈকে চিনাক্ত হোৱা নাই ৷

সাংবাদিকগৰাকীয়ে ঘৰলৈ ওভতি আহি ঘৰৰ দুৱাৰ বন্ধ থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাটো পোহৰলৈ আহে৷

সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও কোনো প্ৰমাণ পাব পৰা নাই। কোনো পাৰিবাৰিক বিবাদৰ ফলতে এই শোকাৱহ ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে আৰক্ষীয়ে৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.