ভাৰতৰাষ্ট্ৰীয় সুৰক্ষা

পাকিস্তানী যুঁজাৰু বিমান ভূপতিত কৰা বালাকোট এয়াৰষ্ট্ৰাইকৰ হিৰো অভিনন্দন বৰ্তমানলৈ ‘বীৰ চক্ৰ’ সন্মান

২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত বালকোটত হোৱা আকাশী যুঁজৰ সময়ত পাকিস্তানী যুঁজাৰু বিমান F-16ক সাহসেৰে ভূপতিত কৰিছিল অভিনন্দন বৰ্তমানে। তাৰ পৰৱৰ্তী সময়ত পাকিস্তানে দখল কৰা কাশ্মীৰৰ ওপৰেদি উৰা মাৰি যোৱাৰ সময়তে কমাণ্ডাৰগৰাকীৰ MIG-21 বিছন বিমানখন ভূপতিত কৰিছিল পাকিস্তানী সৈন্যই। সেই সময়তে, পাকিস্তান সেনাৰ জিম্মালৈ আহিছিল ভাৰতীয় বায়ু সেনাগৰাকী। কিন্তু পাকিস্তানে কৰায়ত্ত কৰাৰ পিছত ভাৰতৰ ব্যাপক চাপত এৰি দিবলৈ বাধ্য হয় বায়ু সেনাগৰাকীক। 

‘বীৰ চক্ৰ’ সন্মানেৰে সন্মানিত ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন অভিনন্দন বৰ্তমান। সোমবাৰে, পদাভিষেক অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অভিনন্দন বৰ্তমানক প্ৰদান কৰে দেশৰ তৃতীয় সৰ্বোচ্চ যুদ্ধকালীন বীৰত্ব বঁটা-‘বীৰ চক্ৰ’ সন্মান। এই পদাভিষেক অনুষ্ঠানত উপস্থিত থাকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।

২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত বালকোটত হোৱা আকাশী যুঁজৰ সময়ত পাকিস্তানী যুঁজাৰু বিমান F-16ক সাহসেৰে ভূপতিত কৰিছিল অভিনন্দন বৰ্তমানে। তাৰ পৰৱৰ্তী সময়ত পাকিস্তানে দখল কৰা কাশ্মীৰৰ ওপৰেদি উৰা মাৰি যোৱাৰ সময়তে কমাণ্ডাৰগৰাকীৰ MIG-21 বিছন বিমানখন ভূপতিত কৰিছিল পাকিস্তানী সৈন্যই। সেই সময়তে, পাকিস্তান সেনাৰ জিম্মালৈ আহিছিল ভাৰতীয় বায়ু সেনাগৰাকী। কিন্তু পাকিস্তানে কৰায়ত্ত কৰাৰ পিছত ভাৰতৰ ব্যাপক চাপত এৰি দিবলৈ বাধ্য হয় বায়ু সেনাগৰাকীক।

কিছুদিন পূৰ্বে বায়ুসেনাৰ উইং কমাণ্ডাৰৰ পৰা গ্ৰুপ কেপ্তেইনলৈ পদোন্নতি লাভ কৰা অভিনন্দন বৰ্তমানে শত্ৰুপক্ষৰ আগত দেখুওৱা বীৰত্বৰ বাবেই আজি প্ৰদান কৰা হয় যুদ্ধকালীন বীৰত্ব বঁটা ‘বীৰ চক্ৰ’ সন্মান।

উল্লেখ্য যে, অভিনন্দন বৰ্তমানে বীৰ চক্ৰ সন্মান পোৱাৰ সমান্তৰালকৈ তেখেতৰ শ্ৰীনগৰস্থিত ইউনিট 51 স্কোৱাড্ৰনেও লাভ কৰে বিশেষ সন্মান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.