বোলছবিভাৰত

‘দ্য কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীলৈ ‘Y’ কেটেগৰী চিকিউৰিটী…

এই নিৰাপত্তা বেষ্টনীত আঠজন বিষয়া-দুজন কমাণ্ডো আৰু আৰক্ষী বিষয়া থাকিব।

দেশজুৰি খলকনিৰ সৃষ্টি কৰা বলিউডৰ নতুন চিনেমা কাশ্মীৰ ফাইলছৰ পৰিচালক বিবেক অগ্নিহোত্ৰীলৈ Y-category চিকিউৰিটী। এতিয়াৰ পৰা CRPFৰ নিৰাপত্তাৰক্ষীয়ে সুৰক্ষা দিব পৰিচালকগৰাকীক।

‘দ্য কাশ্মীৰ ফাইলছ’ৰ মুক্তিৰ পিছতেই তেখেতলৈ আহিব পৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি গৃহ মন্ত্ৰালয়ে বিবেক অগ্নিহোত্ৰীক ‘Y-Category’ নিৰাপত্তা দিয়াৰ ব্য়ৱস্থা কৰে। এই নিৰাপত্তা বেষ্টনীত আঠজন বিষয়া-দুজন কমাণ্ডো আৰু আৰক্ষী বিষয়া থাকিব।

উল্লেখ্য যে, ১৯৯০ চনত কাশ্মীৰ উপত্যকাত কাশ্মীৰী পণ্ডিতসকলে সন্মুখীন হোৱা দুখ-কষ্ট, অত্যাচাৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে ‘দ্য কাশ্মীৰ ফাইলছ’। এই ছবিখন মুকলিৰ পাছতেই বহুতেই ছবিখনৰ সপক্ষত কথা কৈছে যদিও বহুতেই এই গণহত্যা অথবা দেশত্যাগৰ ঘটনা একপক্ষীয় বুলি ঘোষণা কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.