খেলদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

ক্ৰীড়া জগতৰ বাবে দুখৰ খবৰ! এটা দুৰ্ঘটনাই কাঢ়ি নিলে দেশৰ এটি উদিত প্ৰতিভা…

তামিলনাডুৰ টেবুল টেনিছ খেলুৱৈ বিশ্ব দীনদয়ালনৰ ৰবি বাৰে নিশা এক পথ দুৰ্ঘটনাত মৃত্যু হয়৷

ক্ৰীড়া জগতৰ বাবে দুখৰ খবৰ। তামিলনাডুৰ টেবুল টেনিছ খেলুৱৈ বিশ্ব দীনদয়ালনৰ ৰবি বাৰে নিশা এক পথ দুৰ্ঘটনাত মৃত্যু হয়৷

শ্বিলঙৰ ৮৩ সৰ্বভাৰতীয় টেবুল টেনিছত অংশগ্ৰহণৰ বাবে চেন্নাইৰ পৰা আহিছিল ডি বিশ্ব নামৰ ভাৰতীয় জুনিয়ৰ এক নম্বৰ স্থানৰ খেলুৱৈগৰাকী। গন্তব্য স্থান গৈ পোৱাৰ পূৰ্বে এক শোকাৱহ পথ দুৰ্ঘটনাত ইহ সংসাৰ ত্যাগ কৰে তামিলনাডুৰ ১৮বছৰীয়া ডি বিশ্বই।

বিশ্বৰ সৈতে ভ্ৰমণ কৰি থকা তেওঁৰ আন তিনিজন সতীৰ্থ ৰমেশ সন্তোষ কুমাৰ, অবিনাশ প্ৰসন্নজী শ্ৰীনিবাসন আৰু কিশোৰ কুমাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল৷ তেওঁলোকৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি ঘোষণা কৰিছে চিকিৎসকে৷

কেইবাটাও ৰাষ্ট্ৰীয় ৰেংকিং খিতাপ আৰু আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰা প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈ বিশ্বই ২৭ এপ্ৰিলৰ পৰা অষ্ট্ৰিয়াৰ লিঞ্জত অনুষ্ঠিত হ’বলগীয়া ডব্লিউটিটি যুৱ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ কথা আছিল৷

বিশ্বৰ মৃত্যুত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টুইট যোগে শোক প্ৰকাশ কৰিছে। লগতে তেওঁৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণ হিচাপে ৫ লাখ টকা ঘোষণা কৰে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.