leatest updatenationalPMo india

৪৬ বছৰৰ অন্তত খোলখালে পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্নভাণ্ডাৰৰ দুৱাৰ

ডিজিটেলভাৱে তালিকা ভুক্ত কৰা হ’ব মূল্যৱান সামগ্ৰী সমূহ।

অন্ত পৰিল ওড়িশা তথা দেশবাসীৰ কৌতুহল। পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্নভাণ্ডাৰৰ দুৱাৰ মুকলি। ৪৬ বছৰৰ অন্তত খোলখালে স্বৰ্ণ ভঁৰালৰ দুৱাৰ।

দুটা ভাগত থকা এভাগ ভাণ্ডাৰৰ সামগ্ৰীহে কৰা হৈছে স্থানান্তৰ। ৬টা কাঠৰ বাকচত ছীল কৰা হৈছে সামগ্ৰী সমূহ। আজি স্থানান্তৰ কৰিব আনটো ভাগৰ ৰত্ন খচিত মণি-মুকুতা। ২ প্ৰকাৰৰ ৰত্ন ভাণ্ডাৰৰ বাকচত নতুনকৈ লগোৱা হৈছে তলা।

উল্লেখ্য যে, ডিজিটেলভাৱে তালিকা ভুক্ত কৰা হ’ব মূল্যৱান সামগ্ৰী সমূহ। মেৰামতিৰ বাবে জৰীপ চলাব ৰত্ন ভাণ্ডাৰৰ।

ওড়িশা বিধানসভাৰ নিৰ্বাচনত জয়ী হ’লে পুৰীৰ স্বৰ্ণ ভঁৰালত খোলাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে। সেই প্ৰতিশ্ৰুতি অনুসৰিয়েই চৰকাৰ গঠনৰ পিছতে ৬ বছৰৰ পিছত খোলা হ’ল ৰত্ন ভাণ্ডাৰৰ দুৱাৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.