টকাৰ হিমালয় গঢ়া নুপুৰ বৰাৰ বাসগৃহত উপস্থিত CM ভিজিলেন্সৰ দল
তন্ন তন্নকৈ নিৰিক্ষণ কৰা হৈছে বাসগৃহৰ প্ৰতিটো কোঠালী

২০১৯ বৰ্ষত এ.চি.এছ. বিষয়া হিচাপে চাকৰিত যোগদান কৰা নুপুৰ বৰাৰ গুৱাহাটীস্থিত গীতা নগৰৰ বাসগৃহত ওলাইছিল নগত প্ৰায় ১ কোচি ৭০ লাখ টকা। লগতে জব্দ কৰিছিল প্ৰায় কৌটি টকাৰ সোণৰ গহনা। বিগত ছয় বছৰত এগৰাকী ACS বিষয়াৰ প্ৰাপ্য় দৰমহাৰ তুলনাত চাৰিশ গুণতকৈ অধিক টকা কেনেকৈ উপাৰ্জন কৰিছিল নুপুৰ বৰাই?
বৰপেটাৰ লকাৰৰ পৰা জব্দ কৰা হৈছিল ২৩ লাখ ৭৫ হাজাৰ টকা। শেহতীয়া তথ্য় অনুসৰি গোলাঘাটত আছে নুপুৰ বৰাৰ লকাৰ। বৰপেটাত চক্ৰ বিষয়া হিচাপে কৰ্মৰত হৈ থকাৰ সময়ত হিন্দু সম্প্ৰদায়ৰ ভূমি অ/বৈ/ধ সন্দেহযুক্ত লোকক অ/বৈ/ধভাৱে হস্তান্তৰ কৰিছিল, তাৰ বাবদ লৈছিল লক্ষ্য়াধিক টকা। সহযোগী সুৰজিত ডেকাৰ সৈতে মিলি বৰপেটাত ভূমি ক্ৰয় বিক্ৰয় কৰিছিল নুপুৰ বৰাই। এই ঘটনাই অসমৰ সংখ্য়ালঘু প্ৰধান জিলালৈ কঢ়িয়াই আনিছে ভাবুকি।
ইতিমধ্য়ে মুখ্য়মন্ত্ৰীৰ ভিজিলেন্সৰ দল উপস্থিত হয় গোলাঘাটৰ আমোলাপট্টিস্থিত নুপুৰ বৰাৰ পিতৃৰ বাসভৱনত। পিতৃ কমল বৰাৰ ভাষ্য় অনুসৰি, “১ বছৰ পূৰ্বে নুপুৰ বৰাৰ মাকে গ্ৰহণ কৰিছিল চৰম পন্থা। একমাত্ৰ পুত্ৰ ড্ৰা/গ/ছ আসক্ত হৈ মৃত্য়ু হৈছে তিনি মাহ পূৰ্বে। নুপুৰ বৰাক যি হাস্তি দিয়ে দিয়ক। তাই বেয়া কাম কৰিছে। ভাল মানুহ হ’বলৈ ভাল শিক্ষা দিছিলো। তাইৰ লগত মোৰ কোনো সম্পৰ্ক নাই।”