অপৰাধ

নাৰায়ণ চক্ৰৱৰ্তীৰ হত্যাকাণ্ডৰ নতুন মোৰ, ঘটনা সন্দৰ্ভত ৪ জনক আটক আৰক্ষীৰ

নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নী মৌচুমী চক্ৰৱৰ্তী, জ্যেষ্ঠ কন্যা বৃষ্টি চক্ৰৱৰ্তী স্থানীয় বাসিন্দা সত্য নাৰায়ণ বাছফৰ, আৰু তেওঁৰ পুত্ৰকো আটক

নাৰায়ণ চক্ৰৱৰ্তীৰ হত্যাকাণ্ড সন্দৰ্ভত ৪ জনক আটক কৰিছে আৰক্ষীয়ে। আটক নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নী মৌচুমী চক্ৰৱৰ্তী, জ্যেষ্ঠ কন্যা বৃষ্টি  চক্ৰৱৰ্তী। স্থানীয় বাসিন্দা সত্য নাৰায়ণ বাছফৰ, আৰু তেওঁৰ পুত্ৰকো আটক কৰিছে আৰক্ষীয়ে।

উল্লেখ্য় যে, বুধবাৰে নিশা ঘৰতে ভাত খাই সঞ্জীৱ চৌধুৰীৰ ঘৰলৈ গৈছিল নাৰায়ণ চক্ৰৱৰ্তী। বৃহস্পতিবাৰে সন্ধিয়ালৈকে ঘৰলৈ নোযোৱাৰ বাবে ডাঙৰ জীয়েকে বিচাৰি আহিছিল দেউতাকক। কিন্তু সঞ্জীৱ চৌধুৰীৰ বাসগৃহত লণ্ড ভণ্ড অৱস্থাত দেখিছিল সা-সামগ্ৰী।

latashil police

শুই থকা অৱস্থাত মৃত পিতৃক দেখি লগে লগে নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নী মৌচুমী চক্ৰৱৰ্তীক খবৰ দিয়ে তেওঁৰ কন্য়া বৃষ্টি চক্ৰৱতীয়ে। কম্বলেৰে ঢাকি থোৱা হৈছিল নাৰায়ণ চক্ৰৱৰ্তীৰ মৃতদেহ।

Paltan murder

সঞ্জীৱ চৌধুৰীৰ কোৱাৰ্টাৰটোৰ দুৱাৰত তলা আছিল যদিও দুৱাৰমুখতে পৰি আছিল চাবি। মৃত নাৰায়ণ চক্ৰৱৰ্তীৰ মূৰত স্পষ্ট আঘাতৰ চিন। নিশাই সোধ-পোচৰ বাবে নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নী আৰু কোৱাৰ্টাৰৰ কাষতে থকা সত্য নাৰায়ণ বাছফৰ নামৰ লোকজনক থানালৈ লৈ আহে আৰক্ষীয়ে।

বৰ্তমান লতাশিল থানাত আছে নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নী আৰু সত্য নাৰায়ণ বাছফৰ নামৰ লোকজন। কোৱাৰ্টাৰটোৰ মালিক সঞ্জীৱ চৌধুৰীকো থানালৈ মাতি আনিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত লতাশিল আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.