আন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

আফগানিস্তানৰ পঞ্জশিৰত ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ হাতত মৃত্যু প্ৰায় ৬০০ তালিবানৰ

পঞ্জশিৰ উপত্যকা দখল কৰিবলৈ তালিবান আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে অব্যাহত ৰাখিছে প্ৰচেষ্টা

পঞ্জশিৰ অব্যাহত তালিবানৰ সংঘৰ্ষ। আফগানিস্তানৰ উত্তৰ-পূব প্ৰদেশ পঞ্জশিৰত আফগান ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ বিৰুদ্ধে হোৱা যুঁজত নিহত তালিবান।

পঞ্জশিৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীয়ে দাবী কৰিছে যে, এই সংঘৰ্ষত প্ৰায় ৬০০ তালিবান সেনা মৃত্যুমুখত পৰিছে। পঞ্জশিৰ উপত্যকা দখল কৰিবলৈ তালিবান আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে অব্যাহত ৰাখিছে প্ৰচেষ্টা।

পঞ্জশিৰ দখলৰ যুঁজত নমা তালিবান আৰু ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ যুঁজ অব্যাহত আছে। তালিবানীয়ে দাবী কৰিছে যে, তেওঁলোকে পঞ্জশিৰৰ ৰাজধানী বাজাৰাক দখল কৰিছে। আনহাতে, আফগানিস্তানৰ ৰাষ্ট্ৰীয় সুৰক্ষা শক্তিয়ে দাবী কৰিছে যে, তালিবান যুঁজাৰুক কাপিছা আৰপ পঞ্জশিৰৰত প্ৰৱেশত বাধা দিয়া হৈছে।

আনহাতে, পঞ্জশিৰৰ চুটুল জিলা দখল কৰি আনাবা জিলাত প্ৰৱেশ কৰিছে তালিবানে। পঞ্জশিৰ হৈছে নেচনেল ৰেজিষ্টেন্স ফ্ৰণ্টৰ দুৰ্গ, যাৰ নেতৃত্ব দিছে স্বৰ্গীয় প্ৰাক্তন আফগান গেৰিলা কমাণ্ডাৰ আহমেদ শ্বাহ মাছুদৰ পুত্ৰ আহমেদ মাছুদ আৰু প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহ, যি নিজকে তত্ত্বাৱধায়ক ৰাষ্ট্ৰপতি ঘোষণা কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.