অসম

মহানগৰীত বিগবাস্কেটৰ সাফল্য, বৃদ্ধি পাইছে দৈনিক অৰ্ডাৰৰ সংখ্যা…

বিগবাস্কেট হৈছে গুৱাহাটীৰ একমাত্ৰ ৰিটেইলাৰ, য'ত উপলব্ধ ৩০,০০০ৰো অধিক সামগ্ৰী-ফল-পাচলি, মাহজাতীয় শস্য, মাংস, ফলৰ ৰস, মচলা, চাহ, শৌচাগাৰত ব্যৱহৃত সামগ্ৰী, পাকঘৰৰ প্ৰয়োজনীয় সামগ্ৰী, বাল্ব, বেটাৰী, কেঁচুৱাৰ সামগ্ৰীৰ লগতে অন্যান্য বহুতো সামগ্ৰী।

গুৱাহাটীত ভাৰতৰ সৰ্ববৃহৎ অনলাইন চুপাৰমাৰ্কেট বিগবাস্কেটৰ সাফল্য। বৃদ্ধি পাইছে এক টাটা উদ্যোগ বিগ বাস্কেটৰ দৈনিক অৰ্ডাৰৰ সংখ্যা। গুৱাহাটীত কোম্পানীৰ বৰ্তমানৰ অৰ্ডাৰ ১.৭ কোটি ৰাজহৰ সৈতে প্ৰায় ১৭ হাজাৰ টকা।

 

 

৬ মাহৰ ভিতৰত ইয়াৰ অৰ্ডাৰ প্ৰতিমাহে ৪ কোটিলৈ বৃদ্ধিৰ লক্ষ্য। ২০২১ চনৰ ডিচেম্বৰ মাহতেই গুৱাহাটীত ৬০০০ এছ কে ইউ(SKU)ৰে আৰম্ভ কৰা হৈছিল বিগবাস্কেটৰ সেৱা। এই সংখ্যাই বৰ্তমান অতিক্ৰম কৰিছে ২৫,০০০। বিগবাস্কেট হৈছে গুৱাহাটীৰ একমাত্ৰ ৰিটেইলাৰ, য’ত উপলব্ধ ৩০,০০০ৰো অধিক সামগ্ৰী-ফল-পাচলি, মাহজাতীয় শস্য, মাংস, ফলৰ ৰস, মচলা, চাহ, শৌচাগাৰত ব্যৱহৃত সামগ্ৰী, পাকঘৰৰ প্ৰয়োজনীয় সামগ্ৰী, বাল্ব, বেটাৰী, কেঁচুৱাৰ সামগ্ৰীৰ লগতে অন্যান্য বহুতো সামগ্ৰী।

 

 

বিগবাস্কেটৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া হৰি মেননে কয় যে, ‘গুৱাহাটী, বিগবাস্কেট কোম্পানীটোৰ বাবে এক কৌশলগত স্থান। চহৰৰ গ্ৰাহকসকলৰ বাবে এয়া ওৱান ষ্টপ শ্বপ হ’ব বুলি আশা কৰিছো’।

 

 

শীঘ্ৰেই বিগবাস্কেটে আৰম্ভ কৰিব ৩০ মিনিটৰ ডেলিভাৰী সেৱা ‘বিবি নাউ’। গ্ৰাহকক সুবিধা দিয়াটো হৈছে বিগবাস্কেটৰ প্ৰধান লক্ষ্য। ভাৰতৰ ৭০তকৈ অধিক মহানগৰত উপলব্ধ বিগবাস্কেটে আগন্তুক এবছৰত দেশৰ ৫০খন চহৰলৈ সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে। বৰ্তমান এই ব্ৰেণ্ডৰ ৰাজহ হৈছে ১.২ বিলিয়ন ডলাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 1 =

Back to top button