ছবিয়ে বহু কথাই কৈ যায়। এই ছবিকেইখনো তাৰেই এক উদাহৰণ। সময় পাখি লগা কাড়ৰ দৰে। সময়তকৈ সদায় এখোজ আগত থাকিব বিচাৰে সকলোৱে। নিজৰ জীৱনতকৈও যেন সময়ৰ মূল্য অধিক এতিয়া। হয়তো এই ছবি কেইখনেও প্ৰমাণ কৰিলে ইয়াকে।
গুৱাহাটীৰ ৰেলৱে গেটৰ ৭ নং গেটৰ এই ছবি কেইখন দেখি হয়তো আপোনাৰ গা কঁপি উঠিঠে। কিন্তু এই মানুহজন যেন ভয়হীন! সময়ক পিছ পেলাই আগবাঢ়ি যোৱাৰ আপ্ৰাণ চেষ্টা ব্যক্তিজনৰ। এখন মালবাহী ৰে’লৰ তলেৰেই পাৰ হৈ গ’ল লোকজন।