অপৰাধদৈনিক বাতৰি

আৰক্ষীৰ জালত আৰক্ষী, চুৰিৰ সামগ্ৰী বিক্ৰী কৰি গ্ৰেপ্তাৰ হ’ল মহিলা আৰক্ষী

ভাচাই আৰক্ষী থানাত কৰ্মৰত আছিল মহিলা আৰক্ষীগৰাকী

চুৰিৰ সামগ্ৰী বিক্ৰী কৰি গ্ৰেপ্তাৰ আৰক্ষীৰ কনিষ্টবল। চুৰিকাৰ্যৰ ঘটনাত উদ্ধাৰ হোৱা সামগ্ৰী আৰক্ষীয়ে বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ আহিছে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত।

চুৰি কৰা সামগ্ৰী বিক্ৰী কৰি গ্ৰেপ্তাৰ হোৱা মহিলাগৰাকীৰ নাম মংগল গাইকোৱাড। ভাচাই আৰক্ষী থানাত কৰ্মৰত আছিল মহিলা আৰক্ষীগৰাকী। কিন্তু চুৰিৰ সামগ্ৰী উদ্ধাৰ অভিযানৰ দায়িত্বত থকা মহিলাগৰাকীয়ে চুৰ কৰা সামগ্ৰী বিক্ৰী কৰি প্ৰায় ২৬ লাখ টকা ঘটিবলৈ সক্ষম হৈছে।

বিগত ছয় বছৰ ধৰি এইগৰাকী আৰক্ষীয়ে বিক্ৰী কৰি আহিছে চুৰিৰ সামগ্ৰী। বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মংগল গায়কোৱাডক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.