অপৰাধজীৱনশৈলীৰাজনৈতিক

তালিবানৰ হাতত পৰিছে আমেৰিকাৰ কেইবাশ ডলাৰৰ অস্ত্ৰপাতি

তালিবানীৰ হাতত এতিয়া আমেৰিকাৰ নিৰ্মিত এম-৪ কাৰ্বাইন তথা এম-১৬ ৰাইফল

তালিবানৰ হাতত পৰিছে আমেৰিকাৰ নিৰ্মিত এম-৪ কাৰ্বাইন তথা এম-১৬ ৰাইফল।

আফগানিস্তান সম্পূৰ্ণৰূপে তালিবানৰ নিয়ন্ত্ৰণলৈ যোৱাৰ পাছত তেওঁলোকে সাধাৰণতে ব্যৱহাৰ কৰা এ কে-৪৭ ৰাইফলৰ সলনি এতিয়া তেওঁলোকৰ হাতত দেখা গৈছে আমেৰিকাৰ নিৰ্মিত এম-৪ কাৰ্বাইন তথা এম-১৬ ৰাইফল।

আফগান বাহিনীক প্ৰশিক্ষণ দিবলৈ বিগত ২০ বছৰে আমেৰিকাই আঠ হাজাৰ কোটি ডলাৰ খৰচ কৰিছিল। কিন্তু তেওঁলোকৰ প্ৰশিক্ষণ আৰু অস্ত্ৰপাতিয়ে তালিবানৰ আক্ৰমণ প্ৰতিৰোধ কৰিব নোৱাৰিলে। তাৰ বিপৰীতে মাৰ্কিন প্ৰশিক্ষণপ্ৰাপ্ত আফগান সেনাৰ বুজন সংখ্যক সদস্যই তালিবানত যোগদান কৰে।

তালিবানী যোদ্ধাসকলক দেখা গৈছে মাৰ্কিন হামভি তথা মাইন প্ৰতিৰোধী এম্বুশ্ব প্ৰটেক্টেড গাড়ীত।

তথ্য অনুসৰি আমেৰিকাই আফগানিস্তানক ৭৫,৮৯৮খন গাড়ী, ৫,৯৯,৬৯০বিধ অস্ত্ৰ, ১,৬২,৬৪৩টা যোগাযোগৰ সৰঞ্জাম, ২০৮খন বিমান তথা হেলিকপ্টাৰ আৰু ১৬,১৯১টা চোৰাংচোৱা তথা নিৰীক্ষণৰ সৰঞ্জাম দিছিল। তদুপৰি, আফগানিস্তানক ৭,০৩৫টা মেচিনগান, ৪,৭০২টা হামভি গাড়ী, ২০,০৪০টা হেণ্ড গ্ৰেনেড, ২,৫২০টা বোমা আৰু ১,৩৯৪টা গ্ৰেনেড লাঞ্চাৰ দিছে।

আনহাতে, আফগানিস্তানক দিয়া বিমান তথা হেলিকপ্টাৰৰ ৪৬খন এতিয়া উজবেকিস্তানত আছে। তালিবানে ৰাজধানী কাবুল দখল কৰাৰ পাছত এই যুদ্ধবিমান লৈ আফগানিস্তাৰ প্ৰায় পাঁচশ সেনা উজবেকিস্তানলৈ পলায়ন কৰে যদিও বাকীখিনি এতিয়া তালিবানৰ হাততে আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − six =

Back to top button