অপৰাধ

মহানগৰীৰ বামুণীমৈদামত নৃশংস হত্যাকাণ্ড: শুই থকা কোঠাতেই ককায়েকক হত্যা কৰিলে নিজ ভাতৃয়ে

নিশা শোৱাপাটীতে ৰদেৰে মৰিয়াই মৰিয়াই হত্যা ককায়েকক

মহানগৰীৰ আন এটা নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ অসম ৷ শুই থকা কোঠাতেই ককায়েকক হত্যা কৰিলে কনিষ্ঠ ভাতৃয়ে ৷

এইবাৰৰ স্থান বামুণীমৈদামৰ কুশল নগৰত। ড্ৰাগছ আসক্ত হোৱাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে।

নিশা একে কোঠাতে শুইছিল দুই ভাই-ককাই জিন্টু দাস আৰু কমল দাস ৷ জানিব পৰা মতে, দিনৰ পৰাই কাজিয়াৰ সূত্ৰপাত হৈছিল দুয়োৰে, নিশা শোৱাপাটীত প্ৰথমে কথাৰ কটা-কটি আৰু তাৰপিছত ৰদেৰে মৰিয়াই মৰিয়াই হত্যা নিজ ভাতৃৰ।

জিন্টু দাসৰ বয়স ২০ বছৰ আৰু কমল দাসৰ ২২ বছৰ।

ভাতৃ জিন্টু দাসে হত্যা কৰিলে ককায়েক কমল দাসক। জিন্টু দাসে টকাৰ অভাৱত চিলিণ্ডাৰ বিক্ৰী কৰিবলৈ ওলোৱাক লৈ হৈছিল কাজিয়া ।

আনহাতে আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি, দুই ভাতৃ আছিল ড্ৰাগছ আসক্ত৷ সঘনাই সেৱন কৰিছিল ড্ৰাগছ ৷

Chandmari police

ইতিমধ্যে, ঘটনাস্থলীত উপস্থিত চান্দমাৰী আৰক্ষী। অধিক তথ্যৰ বাবে চান্দমাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

উল্লেখ্য় যে, বামুণীমৈদামত সংঘটিত হোৱা এই হত্য়াকাণ্ডই সকিয়াই দিছে মানৱ সমাজত ড্ৰাগছৰ পৰিণামৰ কথা। ককাই-ভাইৰ মধুৰ সম্পৰ্কও নিশেষ হৈ গৈছে এটি নিশাতেই ৷ এতিয়া প্ৰশ্ন, আচলতে ভুল কাৰ!

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.