অপৰাধবলিউড

অৱশেষত জামিন পালে আৰিয়ান খানে

দুদিন ধৰি ন্যায়ালয়ত জামিন সন্দৰ্ভত শুনানি চলি আছিল আৰিয়ান খানৰ। সকলো প্ৰমাণ আৰু সাক্ষীৰ পাছত মুম্বাই উচ্চ ন্যায়ালয়ে দুটা দিনৰ শুনানীৰ অন্তত জামিন প্ৰদান কৰে আৰিয়ান খানক।

অৱশেষত জামিন পালে আৰিয়ান খানে।

দুদিন ধৰি ন্যায়ালয়ত জামিন সন্দৰ্ভত শুনানি চলি আছিল আৰিয়ান খানৰ। সকলো প্ৰমাণ আৰু সাক্ষীৰ পাছত মুম্বাই উচ্চ ন্যায়ালয়ে দুটা দিনৰ শুনানীৰ অন্তত জামিন প্ৰদান কৰে আৰিয়ান খানক।

অৱশ্যে এন চি বিয়ে আজি দাখিল কৰা এক মন্তব্যৰ পাছত জামিন লাভৰ ক্ষেত্ৰত কিছু অনিশ্চয়তাই দেখা দিছিল যদিও অৱশেষত জামিন পালে আৰিয়ানে। এন চি বিয়ে মন্তব্য কৰিছিল যে, ড্ৰাগছ গ্ৰহণ সন্দৰ্ভত আৰিয়ানৰ এয়া প্ৰথম অপৰাধ নহয়। বিগত দুটা বছৰে ড্ৰাগছৰ নিয়মীয়া গ্ৰাহক আছিল আৰিয়ান খান। নিয়মিত ভাৱেই ড্ৰাগছৰ ব্যৱহাৰ কৰিছিল আৰিয়ানে। মোবাইলৰ হোৱাটছ এপৰ বাৰ্তালাপ সমূহত এই কথা খোলোচা হোৱা বুলি মন্তব্য এন চি বিৰ।

উল্লেখ্য যে, আৰিয়নাৰ লগতে আৰিয়ানৰ বন্ধু মুনমুন আৰি আৰবাজেও জামিন লাভ কৰে। বৰ্তমানে কেৱল তিনিজনকহে জামিন প্ৰদান কৰা হৈছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.