গুজৰাটভাৰতশ্ৰেণীবিহীন

নিষ্ঠুৰ নিয়তিয়ে প্ৰাণ কাঢ়িলে একেটা পৰিয়ালৰে ১০ জনকৈ সদস্যৰ

পথ দুৰ্ঘটনাই কাল হ'ল এটা পৰিয়ালৰ বাবে

এটা পথ দুৰ্ঘটনাই কাল হ’ল এটা পৰিয়ালৰ বাবে। বুধবাৰে গুজৰাটৰ আনন্দ জিলাত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এটা পৰিয়ালৰ ১০ জন সদস্যই।

চুৰাটৰ পৰা ভাৱনগৰ অভিমুখে গৈ থকা সময়ত এখন ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় এটি শিশুসহ পৰিয়ালটোৰ ৭ জন পুৰুষ আৰু ২ গৰাকী মহিলা।

আৰক্ষীয়ে পৰৱৰ্তী পৰীক্ষা-নিৰিক্ষাৰ বাবে মৃতদেহকেইটা তাৰাপুৰ হাস্পতাললৈ প্ৰেৰণ কৰিছে। আনহাতে,ভুক্তভোগী পৰিয়ালটোক গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে আৰ্থিক সাহাৰ্য্য দিয়াৰো আশ্বাস প্ৰদান কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.