অপৰাধ

নিজ পুত্ৰৰ হাতত প্ৰাণ গ’ল অভিনেত্ৰী বীণা কাপুৰৰ! মাতৃক হত্যা কৰি নদীত পেলাই দিলে মৃতদেহ!

জনপ্ৰিয় অভিনেত্ৰী বীণা কাপুৰৰ মৃত্যু

বলীউডৰ প্ৰবীণ অভিনেত্ৰী বীনা কাপুৰক হত্যা কৰে স্বয়ং পুত্ৰই। অভিনেত্ৰীগৰাকীৰ পুত্ৰই বেছবলৰ বেটেৰে মূৰত আঘাত কৰি হত্যা কৰে মাতৃৰ মৃতদেহ পেলাই দিলে নদীত। সম্পত্তিৰ বিবাদক লৈ পুত্ৰই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ভাৰতীয় দণ্ডবিধিৰ ৩০২, ২০১ আৰু ৩৪ ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

 

জুহু আৰক্ষীয়ে এই গোচৰৰ সৈতে জড়িত পুত্ৰ শচীন কাপুৰ আৰু চাকৰ চুটু ওৰফে লালুকুমাৰ মণ্ডলক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি মঙলবাৰে নিশা কল্পতৰু ছ’চাইটিৰ নিৰাপত্তাৰক্ষী তত্বাৱধায়কে জুহু আৰক্ষীৰ সৈতে যোগাযোগ কৰি ৭৪ বছৰীয়া বীনা কাপুৰ নিৰুদ্দেশ হোৱা বুলি জানিবলৈ দিয়ে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু মৃত বীনা কাপুৰৰ মোবাইল লকেচন তেওঁৰ বিল্ডিঙৰ ওচৰত উদ্ধাৰ হয়। আনহাতে তেওঁৰ পুত্ৰৰ মোবাইল লকেচন পানভেলত আছিল। পিছদিনা আৰক্ষীয়ে তেওঁৰ পুত্ৰ আৰু তেওঁৰ চাকৰক থানালৈ মাতি কঠোৰভাৱে জেৰা কৰে। য’ত দুয়োজনে নিজৰ অপৰাধ স্বীকাৰ কৰে। সোধ-পোছাৰ সময়ত অভিযুক্ত শচীন কাপুৰে প্ৰকাশ কৰে যে, তেওঁ মাতৃৰ মূৰত বেছবলৰ বেটেৰে কেইবাবাৰো আঘাত কৰি ক্ৰোধত হত্যা কৰিছিল। লগতে তেওঁ কয় যে তেওঁলোকৰ মাজত সম্পত্তিৰ বিবাদ চলি আছিল। যাৰ বাবে তেওঁ এনে ঘটনা সংঘটিত কৰিছিল।

 

আৰক্ষীয়ে জনোৱা অনুসৰি, এই অপৰাধ সংঘটিত কৰি ৰায়গদ জিলাৰ এখন নদীত অভিনেত্ৰীগৰাকীৰ মৃতদেহ পেলাই দিয়ে।ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, দীৰ্ঘদিন ধৰি অভিনেত্ৰীগৰাকী আৰু পুত্ৰ শচীন কাপুৰৰ মাজত সম্পত্তিৰ বিবাদ অব্যাহত আছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.