পৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰ

আহি আছে জাৱাড(Jawad)! অতি ভয়ংকৰ হ’ব পাৰে এই  ঘূৰ্ণীবতাহ

ঘূৰ্ণীবতাহ জাৱাডক লৈ দিল্লীত বহিছে গুৰুত্বপূৰ্ণ বৈঠক

আহি আছে জাৱাড (Jawad)!  অতি ভয়ংকৰ হ’ব পাৰে এই  ঘূৰ্ণীবতাহ।

ঘূৰ্ণীবতাহ জাৱাডক লৈ দিল্লীত বহিছে গুৰুত্বপূৰ্ণ বৈঠক। বিভিন্ন ৰাজ্যৰ প্ৰশাসনৰ ফালৰ পৰা এই ঘূৰ্ণীবতাহৰ ক্ষয়–ক্ষতি প্ৰতিহত কৰিবলৈ কি কি ব্যৱস্থা লোৱা হৈছে, তাক লৈ কেবিনেট সচিব ৰাজীৱ গৌবাৰ নেতৃত্বত অনুষ্ঠিত হয় বৈঠক।

এই কমিটীৰ বৈঠকত উপস্থিত আছিল অন্ধ্ৰ প্ৰদেশ, ওড়িশা, পশ্চিম বংগ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ মুখ্য সচিব আৰু উচ্চপদস্থ বিষয়ববীয়া। বৈঠকত এই ঘূৰ্ণী বতাহৰ ক্ষয়–ক্ষতি প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত প্ৰশাসনিক পৰ্যায়ত কি ব্যৱস্থা লোৱা হৈছে, তাক লৈ বিস্তাৰিতভাৱে আলোচনা কৰা হয়।

এটা নিম্নচাপ তৈয়াৰ হৈছে বংগোপসাগৰৰ ওপৰত। এই নিম্নচাপে ৩ ডিচেম্বৰত এক শক্তিশালী ঘূৰ্ণীবতাহৰ আকাৰ ল’ব। ইয়াৰ গতিবেগ হ’ব পাৰে ৯০ৰ পৰা ১০০কিলোমিটাৰ। এই কথা জনাই কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালকপ্ৰধানে।

উল্লেখ্য যে, ঘূৰ্ণীবতাহ জাৱাডৰ লগতে মূষলধাৰ বৰষুণ আরু সমুদ্ৰপৃষ্ঠত প্ৰবল ঢৌৰ উঠাৰো সম্ভাৱনা আছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.