দিল্লীদৈনিক বাতৰিপ্ৰাকৃতিক দুৰ্যোগবতৰ

চুইমিং পুললৈ পৰিণত দিল্লী এয়াৰপ’ৰ্ট, চাওঁক ভিডিঅ’

৪৬ বছৰৰ পিছত ৰাজধানী চহৰখনত হোৱা অত্যাধিক পৰিমাণৰ বৰষুণৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন

বানত ডুবিছে ৰাজধানী চহৰ দিল্লী। শনিবাৰে পুৱাৰ ভাগৰ পৰা দিল্লীত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দিল্লীত।

চাওঁক, নেৰানেপেৰা বৰষুণৰ ফলত দিল্লী এয়াৰপ’ৰ্টত সৃষ্টি হোৱা কৃত্ৰিম বানৰ ভিডিঅ’ –

হঠাতে অহা ধাৰাষাৰ বৰষুণৰ বাবে কৃত্ৰিম বানে বুৰাই পেলায় ৰাজধানী চহৰ। এইবাৰ বাৰিষাত ১,১০০ মি.মি. বৰষুণৰ সৃষ্টি হৈছে। আনহাতে, ২০০৩ চনত দিল্লীত বৰষুণৰ পৰিমাণ আছিল ১,০৫০ মি.মি.।

উল্লেখযোগ্য যে, ১৯৭৫ চনৰ পিছত এইবাৰ বাৰিষাতহে দিল্লীত সৰ্বাধিক বৰষুণ হৈছে। ৪৬ বছৰৰ পিছত ৰাজধানী চহৰখনত হোৱা অত্যাধিক পৰিমাণৰ বৰষুণৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.