প্ৰযুক্তিভাৰত

e-RUPI: প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ডিজিটেল প্যেমেণ্ট ছলিউচন e-RUPI

সোমবাৰে আবেলি ৪.৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰে এই নতুন ব্যৱস্থা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে ডিজিটেল প্যেমেণ্ট ছলিউচন e-RUPI সোমবাৰে আবেলি ৪.৩০ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰে এই নতুন ব্যৱস্থা।

e-RUPI হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগমৰ (NPCI) দ্বাৰা বিকশিত এক প্ৰিপেইড ই-ভাউচাৰ। ইয়াৰ জৰিয়তে নগদবিহীন আৰু সম্পৰ্কহীন পৰিশোধ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ’ব  অৰ্থাৎ Cashless/Contactless Payment।

e-RUPI হৈছে QR Code বা SMS ষ্ট্ৰিং-আধাৰিত ই-ভাউচাৰ, যাক হিতাধিকাৰীৰ ম’বাইললৈ প্ৰদান কৰা হয়। এই এককালীন পৰিশোধ প্ৰণালীৰ ব্যৱহাৰকাৰীসকলে সেৱা প্ৰদানকাৰীৰ ওপৰত কাৰ্ড, ডিজিটেল প্যেমেণ্ট এপ বা ইণ্টাৰনেট বেংকিং প্ৰৱেশ নকৰাকৈ ভাউচাৰ ৰিডিম কৰিবলৈ সক্ষম হ’ব।

এই ব্যৱস্থা বৰ্তমান স্বাস্থ্য সেৱাৰ সৈতে সংযুক্ত হৈ আছে। এই ব্যৱস্থাই দেশত ডিজিটেল লেনদেন কাৰ্যকৰী কৰাত এক ডাঙৰ ভূমিকা পালন কৰিব। e-RUPI হৈছে দৰিদ্ৰ লোকসকলক সহায় কৰাৰ বাবে প্ৰস্তুত কৰা এক প্ৰযুক্তি। দেশৰ কিছুমান লোকৰ মতে প্ৰযুক্তি কেৱল ধনী লোকৰ বস্তু, ভাৰত এখন দৰিদ্ৰ দেশ, গতিকে ভাৰতৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ কি?

অৱশ্যে, সকলো বিশেষজ্ঞক ভুল প্ৰমাণিত কৰি উন্নত আৰু ব্য়তিক্ৰমী চিন্তা-ধাৰাৰে দৰিদ্ৰ লোকসকলক সহায় কৰিবলৈ তেওঁলোকৰ প্ৰগতিৰ বাবে প্ৰযুক্তিক সঁজুলি হিচাপে লোৱা হৈছে। ভাৰতে আজি বিশ্বক দেখুৱাইছে যে প্ৰযুক্তিবিদ্যা গ্ৰহণ আৰু সংযোগৰ ক্ষেত্ৰত তেওঁলোক আনতকৈ পিছপৰা নহয়।

উল্লেখ্য যে, উদ্ভাৱন, সেৱা প্ৰদানত প্ৰযুক্তিৰ ব্যৱহাৰৰ কথা ক’লে, ভাৰতে বিশ্বৰ সৰ্ববৃহৎ দেশসমূহৰ সহযোগত বিশ্বব্যাপী নেতৃত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.