nationalভাৰত

মহাসাগৰৰ মাজত Hanta virusৰ সংক্ৰমণ ৩ জনৰ মৃ/ত্যু, বিশ্বজুৰি উদ্বিগ্নতা!

স্বাস্থ্য মন্ত্ৰালয় অনুসৰি চৰাই চোৱাৰ ভ্ৰমণৰ সময়ত এটা আবৰ্জনা পেলোৱা স্থানত এন্দুৰৰ সংস্পৰ্শৰ পৰাই এই ভাইৰাছ সংক্ৰমণ আৰম্ভ হৈছিল । সেই স্থানত উপস্থিত থকা কেইবাজনো পৰ্যটকো অসুস্থ হৈ পৰে । জাহাজখনত ২৩খন দেশৰ মুঠ ১৪৬ জন লোক এতিয়াও “কঠোৰ সতৰ্কতামূলক ব্যৱস্থা”ৰ অধীনত ৰখা হৈছে ।

মাজসাগৰৰ মাজত বিলাসী জাহাজত তিনিজন লোকৰ মৃ/ত্যুৰ পিছতে বিশ্বজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে Hanta virus । ক’ভিড 19ত কৈয়ো অধিক মাৰাত্মক এই Hanta virus। Hanta virus সংক্ৰমণৰ এই ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পিছতে বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ উদ্বেগৰ । আটলাণ্টিক মহাসাগৰত ভ্ৰমণ কৰি থকা এখন বিলাসী ক্ৰুজ জাহাজত ধৰা পৰিছে এই মাৰাত্মক হাণ্টাভাইৰাছ । ৮ মে’ ২০২৬ পৰ্যন্ত ৫ জন লোকৰ দেহত নিশ্চিত হৈছে এই ভাইৰাছ আৰু ইতিমধ্যে মৃ/ত্যু ঘটিছে ৩ জন লোকৰ ।

তথ্য অনুসৰি, মুঠ ২৩খন দেশৰ যাত্ৰী আছিল জাহাজ খনত । ১৪৬ জন যাত্ৰী বৰ্তমানেও আৱদ্ধ হৈ আছে জাহাজখনত । দেওবাৰে স্পেইনত উপস্থিত হ’ব ক্ৰুজ খন । দুজন ভাৰতীয় কৰ্মচাৰীও আছে ক্ৰুজ জাহাজখনত । এতিয়া প্ৰশ্ন উত্থাপন হৈছে, এই ভাইৰাছে ভাৰতৰ বাবেও ভাবুকি কঢ়িয়াই আনিছে নেকি? মৃ/তসকলৰ ক্ৰমে এটা দম্পতি আৰু এজন ডেনমাৰ্কৰ নাগৰিক।

জানিব পৰা মতে, দম্পতিহালৰ এগৰাকী জাহাজত থাকোঁতেই জ্বৰ, মূৰৰ বিষ, পেটৰ বিষ আৰু ডায়েৰিয়াত আক্ৰান্ত হয় । পিছত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ৭০ বছৰীয়া ব্যক্তি গৰাকীৰ ১১ এপ্ৰিলত মৃ/ত্যু হয় । তাৰ পিছতে অসুস্থ হৈ পৰা তেওঁৰ পত্নীৰো জাহাজতে মৃ/ত্যু হয় । ইয়াৰ পিছতেই আক্ৰান্ত হয় ডেনমাৰ্কৰ নাগৰিকৰ গৰাকী আৰু চিকিৎসাধীন অৱস্থাতেই তেওঁৰো মৃ/ত্যু হয় ।

স্বাস্থ্য মন্ত্ৰালয় অনুসৰি চৰাই চোৱাৰ ভ্ৰমণৰ সময়ত এটা আবৰ্জনা পেলোৱা স্থানত এন্দুৰৰ সংস্পৰ্শৰ পৰাই এই ভাইৰাছ সংক্ৰমণ আৰম্ভ হৈছিল । সেই স্থানত উপস্থিত থকা কেইবাজনো পৰ্যটকো অসুস্থ হৈ পৰে । জাহাজখনত ২৩খন দেশৰ মুঠ ১৪৬ জন লোক এতিয়াও “কঠোৰ সতৰ্কতামূলক ব্যৱস্থা”ৰ অধীনত ৰখা হৈছে । দুজন ভাৰতীয় কৰ্মচাৰীও জাহাজখনত আছে বুলি নিশ্চিত কৰা হৈছে । কেইবাজনো সংকটজনক ৰোগীক বায়ুপথলৈ স্থানান্তৰ কৰা হৈছে । বৰ্তমান MV Hondius জাহাজখন Canary Islandsৰ দিশে আগবাঢ়ি আছে। Spainৰ কৰ্তৃপক্ষৰ মতে, ৰবিবাৰে জাহাজখন Tenerifeত উপস্থিত হোৱাৰ পিছত অৱশিষ্ট যাত্ৰী আৰু কৰ্মচাৰীসকলক জাহাজৰ পৰা নামিবলৈ অনুমতি দিয়া হ’ব ।

প্ৰধানকৈ এন্দুৰ বা নিগনিৰ পৰা মানুহৰ দেহলৈ এই ভাইৰাছ বিয়পে। মানুহৰ বাবে অতি বিপজ্জনক বুলি গণ্য কৰা ভাইৰাছৰ এটা গোটৰ অন্তৰ্গত। এই ভাইৰাছ *Hantaviridae* পৰিয়ালৰ সদস্য। হান্টাভাইৰাছে মানুহৰ হাওঁফাওঁ আৰু হৃদযন্ত্ৰক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰি ক্ষতি কৰে। দক্ষিণ আমেৰিকাত এই গোটৰ এটা নিৰ্দিষ্ট প্ৰজাতি— এণ্ডিজ ভাইৰাছে—বৰ্তমান বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ডব্লিউ এইচ অ’ই কয় যে, সেই অঞ্চলত এণ্ডিজ ভাইৰাছ এজনৰ পৰা আন এজনলৈ বিয়পি পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, বিশ্বজুৰি বছৰি ১০ হাজাৰৰ পৰা এক লাখ লোক হান্টাভাইৰাছত আক্ৰান্ত হয়।

সাধাৰণতে সংক্ৰমিত ব্যক্তিৰ ক্ষেত্ৰত ভাইৰাছৰ সংস্পৰ্শলৈ অহাৰ এসপ্তাহৰ পৰা ৮ সপ্তাহৰ পিছত লক্ষণসমূহ পোহৰলৈ আহে। এই লক্ষণসমূহৰ ভিতৰত সাধাৰণতে জ্বৰ, মূৰৰ বিষ, পেশীৰ বিষ, আৰু গেষ্ট্ৰাইটিছৰ সমস্যা যেনে পেটৰ বিষ, বমি বা বমি আদি আদি অন্তৰ্ভুক্ত। এই ভাইৰাছক বৰ্তমান কৰোনা ভাইৰাছৰ লগত তুলনা কৰা হৈছে। ক’ৰ’না ভাইৰাছৰ দৰেই ই সমগ্ৰ দক্ষিণ আমেৰিকাত দ্ৰুতগতিত বিয়পিব পাৰে বুলিও আশংকা প্ৰকাশ কৰা হৈছে। কিন্তু ভাৰতৰ বাবে এই ভাইৰাছে বৰ্তমান কোনো ভাবুকিৰ সৃষ্টি নকৰে। ইয়াৰ দুটা প্ৰধান কাৰণ আছে:

১) বিশ্ব স্বাস্থ্য সংস্থাই দৃঢ়তাৰে কয় যে সাধাৰণ জনতাই এই ভাইৰাছক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই; এয়া কোনো ডাঙৰ ভাবুকি নহয়। এছিয়াত এই ভাইৰাছ এজনৰ পৰা আন এজনলৈ বিয়পি নাযায়।

২) এই ভাইৰাছৰ সন্দৰ্ভত বৰ্তমানৰ আলোচনাৰ কেন্দ্ৰবিন্দু ক্ৰুজ জাহাজখনে ভাৰতৰ পৰা ভৌগোলিকভাৱে দূৰৈৰ পথ অনুসৰণ কৰিছিল। ফলস্বৰূপে ক্ৰুজ জাহাজখন আৰু ভাৰতৰ মাজত কোনো ধৰণৰ যোগাযোগ নাছিল। ইয়াৰ পৰিসৰৰ ভিতৰত পৰা ২৩খন দেশ ভাৰতৰ পৰা বহু দূৰৈত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.