nationalভাৰত

“GOAT”-এ সলালে তামিলনাডুৰ ভৱিষ্যৎ! বিজয় থালাপট্টিৰ গাড়ীৰ বিশেষ নম্বৰক লৈ ব্যাপক চৰ্চা…

এতিয়া চৰ্চাৰ বিষয় ‘থালাপট্টি’ৰ নিৰ্বাচনী জয়ী নহয়... বাহনৰ এটা বিশেষ নম্বৰ। বিগত দুদিন ধৰি চৰ্চাৰ বিষয় হৈ পৰিছে নম্বৰটো। মৰমেৰে অনুৰাগীয়ে তেওঁক মাতে ‘থালাপট্টি’ বিজয় বুলি

২ ফ্ৰেব্ৰুৱাৰী ২০২৪। তামিলনাডুত ছুপাৰষ্টাৰ বিজয়ৰ নেতৃত্বত আত্মপ্ৰকাশ কৰিছিল TVK নামৰ এটা ৰাজনৈতিক দলে। তাৰ পিছত এক আকৰ্ষণীয় যাত্ৰা…। সলনি হৈ পৰিল তামিলনাডুৰ ৰাজনৈতিক পট। দক্ষিণৰ চিনেমাৰ চুপাৰ ষ্টাৰ বিজয় আজি তামিলনাডুৰ ৰাজনীতিৰো চুপাৰ ষ্টাৰ। প্ৰথম নিৰ্বাচনতে জয়লাভ নৱ গঠিত TVK দলৰ। অভিনেতাৰ পৰা নেতা হ’ল জোছেফ বিজয় চন্দ্ৰশেখৰ।

কিন্তু এতিয়া চৰ্চাৰ বিষয় ‘থালাপট্টি’ৰ নিৰ্বাচনী জয়ী নহয়… বাহনৰ এটা বিশেষ নম্বৰ। বিগত দুদিন ধৰি চৰ্চাৰ বিষয় হৈ পৰিছে নম্বৰটো। মৰমেৰে অনুৰাগীয়ে তেওঁক মাতে ‘থালাপট্টি’ বিজয় বুলি। কিন্তু থালাপট্টি লগত কি সম্পৰ্ক সেই বাহনখন আৰু নম্বৰটোৰ? ২০২৪ চনৰ এটা ভৱিষ্যতবাণী আৰু ২০২৬ৰ নিৰ্বাচনৰ ফলাফল…

তাৰ মাজতে হঠাতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল পুৰণি চিনেমাৰ এটা দৃশ্য । এই দৃশ্যটো “GOAT”(The Greatest of All Time)ৰ। য’ত তেওঁৰ গাড়ীৰ নম্বৰ প্লেটত ‘TN 07 CM 2026’ লিখা দেখা গৈছে। অনুৰাগীৰ ভাষাত ইয়াৰ অৰ্থ TN-তামিলনাডু, CM-মুখ্যমন্ত্ৰী আৰু ২০২৬। সেই সময়ত এই কথা হয়তো কোনেও লক্ষ্য কৰা নাছিল। যদিও এতিয়া সকলোকে এই দৃশ্য দেখি আচৰিত হৈ পৰিছে। এই সংযোগক অনুৰাগীসকলে “বিজয়ৰ ভৱিষ্যদ্বাণী” বুলি প্ৰশংসা কৰিছে। বৰ্তমান সামাজিক মাধ্যমত বিজয় থালাপট্টিৰ গাড়ীৰ বিশেষ নম্বৰটোক লৈ ব্যাপক চৰ্চা।

তামিলনাডুত বিজয় থালাপট্টিৰ ৰাজনৈতিক উত্থান কেৱল এজন অভিনেতাৰ পৰা ৰাজনীতি লৈ পৰিবৰ্তন নহয়। এয়া দক্ষিণ ভাৰতৰ ৰাজনীতিত এক সুকীয়া আদৰ্শ আৰু অদম্য সাহসৰ প্ৰতীক হিচাপে দেখা দিছে। ইতিমধ্যে বিজেপিৰৰ সৈতে মিত্ৰতা প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে বিজয়ে । অৱশ্যে ২৩৪ জনীয়া তামিলনাডু বিধানসভাত ১০৮ খন আসন দখল বিজয়ৰ। চৰকাৰ গঠনৰ বাবে মেজিক সংখ্যা ১০ বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন বিজয় থালাপট্টিৰ । প্ৰয়োজনীয় এই সমৰ্থন আদায় কৰা অভিযান আৰম্ভ কৰিছে বিজয়ে। চৰকাৰ গঠনৰ বাবে ৰাজ্যপালক সাক্ষাৎ কৰি দাবী উত্থাপন বিজয়ৰ। ৰাজ্যপালে আমন্ত্ৰণ কৰিলে ৭ মে’ত মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা আছে বিজয়ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.