অসমগুৱাহাটীশিল্পীসংগীতসংস্কৃতি

জুবিন গাৰ্গৰ শেষকৃত্যৰ বাবে সাজু কৰি তোলা হৈছে স্থান

সোণাপুৰৰ হাতীমুৰাত হʼব জুবিন গাৰ্গৰ শেষকৃত্য

কাহিলীপাৰাৰ বাসগৃহৰ পৰা পোনে পোনে এক বিশেষ বাহনযোগে সৰুসজাইলৈ লৈ যাব জুবিন গাৰ্গৰ নশ্বৰ দেহ। কাহিলীপাৰাৰ বাসগৃহত জুবিন গাৰ্গৰ কফিন খোলাৰ পিছত লৈ যোৱা হʼব জুবিনৰ শৰীৰ। অনুৰাগীয়ে অধিৰ আগ্ৰহেৰে সৰুসজাইত বাট চাই আছে জুবিনৰ মুখখন এবাৰ ওচৰৰ পৰা চাবলৈ। কফিনৰ পৰা উলিয়াই সৰুসজাইত বাতানুকুলিত এক বিশেষ কাঁচৰ বাকচৰ ভিতৰত ৰখা হʼব জুবিন গাৰ্গৰ নশ্বৰ দেহ। অনুৰাগীয়ে হেঁপাহ পলুৱাই চাব পাৰিব জুবিনক।

অন্ত্যেষ্টিক্ৰিয়াৰ দিন ধাৰ্য কৰাৰ পিছতেই জুবিন গাৰ্গক লৈ যোৱা হʼব সোণাপুৰলৈ। জুবিনৰ পিতৃৰ শাৰিৰীক অসুস্থতাৰৰ প্ৰতি লক্ষ্য ৰাখি পত্নী গৰিমা গাৰ্গে বিছাৰিছিল সোণাপুৰতেই জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰা হওঁক। পৰিয়ালৰ ইচ্ছাৰ প্ৰতি সন্মতি জনাই সোণাপুৰৰ হাতীমুৰাৰ এক বিশাল স্থান ধাৰ্য কৰা হʼল জুবিনৰ অন্তিম সৎকাৰৰ বাবে। ইতিমধ্যে তীব্ৰ গতিৰে চলিছে যো-জা। নিখুঁত ভাবে পৰিস্কাৰ কৰা হৈছে ঠাইডোখৰ। সোণাপুৰ হাতীমুৰাৰ এই বিশেষ ঠাইডোখৰতেই চিৰদিনৰ বাবে মাটিৰ লগত মিলি যাব জুবিন গাৰ্গৰ শৰীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.