AssamSocialViralঅসম

যাতায়তৰ ক্ষেত্ৰত সঘনাই ব্যৱহাৰ হোৱা এটা পথে এতিয়া জ্বলা কলা খুৱাইছে সাধাৰণ ৰাইজক

উন্নয়নৰ ঢাক ঢোল বজাই থকা বৰ্তমানৰ উন্নয়নকামী চৰকাৰখনৰ দৃষ্টিত নপৰা জোনাইৰ সমজিলাৰ এখন বৃহত্তৰ অঞ্চল

যাতায়তৰ ক্ষেত্ৰত সঘনাই ব্যৱহাৰ হোৱা এটা পথে এতিয়া জ্বলা কলা খুৱাইছে সাধাৰণ ৰাইজক।একপ্ৰকাৰত বিধ্বস্ত পথে অতিষ্ঠ কৰিছে জোনাইবাসী ৰাইজক।উন্নয়নৰ ঢাক ঢোল বজাই থকা বৰ্তমানৰ উন্নয়নকামী চৰকাৰখনৰ দৃষ্টিত নপৰা জোনাইৰ সমজিলাৰ এখন বৃহত্তৰ অঞ্চল। চিলে গাঁও পঞ্চায়তৰ অন্তৰ্গত বেৰাচাপৰি অঞ্চলৰ টাৰি মাজগাও, টাৰি কছাৰীকে ধৰি কেইবাখনো গাঁওৰ গঞা ৰাইজে আজিও বোকা পানী গচকি, বিধ্বস্ত পথৰেই অব্যাহত ৰাখিছে যাতায়ত।ইমানেই নহয় দশক দশক ধৰি এই পথেৰেই যাতায়ত কৰি আহিছে ৰোগী, বিদ্যালয় মহাবিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে।উল্লেখযোগ্য যে – বিগত সময়চোৱাত বহুবাৰ পঞ্চায়ত প্ৰতিনিধি,জনপ্ৰতিনিধি তথা বিভাগীয় কতৃপক্ষক পথচোৱা নিৰ্মাণ হেতুকে আবেদন নিবেদন জনায় যদিও কোনোধৰণৰ সুফল নোপোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।শীঘ্ৰে পথটো পকীকৰণ কৰি দিয়াৰ আহ্বান জনালে স্থানীয় ৰাইজে।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.