Covid-19ধাৰ্মিকপৰিৱেশবতৰভাৰত

একেৰাহে দ্বিতীয় বাৰৰ বাবে বাতিল কৰা হ’ল অমৰনাথ যাত্ৰা

 মহামাৰী কৰ’ণাৰ সংক্ৰমণৰ আশংকা কৰিয়েই বাতিল কৰা হৈছে অমৰনাথ যাত্ৰা

সমুদ্ৰ পৃষ্ঠৰ পৰা ৩ হাজাৰ ৮৮৮ মিটাৰ উচ্চতাত অৱস্থিত অমৰনাথলৈ প্ৰতি বছৰে অমৰনাথ যাত্ৰাত লাখ লাখ ভক্তৰ আগমন ঘটে। কিন্তু কৰ’নাতংকৰ বাবেই একেৰাহে দ্বিতীয় বাৰৰ বাবে বাতিল কৰা হ’ল অমৰনাথ যাত্ৰা।

কাশ্মীৰৰ লেফটেণ্ট গভৰ্ণৰ মনোজ সিনহাই ৰাজ্যখনৰ মুখ্য সচিব অৰুণ কুমাৰ মেহতা, আৰক্ষী সঞ্চালক প্ৰধান আদিৰ সৈতে এই বিষয়ত আলোচনা কৰাৰ পাছত আজি জম্মু-কাশ্মীৰ চৰকাৰৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে। ।

ক’ৰ’ণাতংকই মানুহৰ দৈহিক, মানসিক, অৰ্থনৈতিক ক্ষেত্ৰত প্ৰভাৱ পেলোৱাৰ দৰেই ধৰ্মীয় ক্ৰিয়া-কলাপৰ ওপৰতো বাৰুকৈয়ে প্রভাৱ পেলাইছে। চলিত বৰ্ষত অমৰনাথ যাত্ৰা হ’ব নে নাই তাকে লৈ বহু দিন ধৰি চৰকাৰে চিন্তা-চৰ্চা কৰি আছিল আৰু শেষত সিদ্ধান্ত গ্ৰহণৰ ভাৰ অৰ্পন কৰা হৈছিল শ্ৰীঅমৰনাথ শ্ৰীণ ব’ৰ্ডৰ ওপৰত। শ্ৰীঅমৰনাথ শ্ৰীণ ব’ৰ্ডে চৰকাৰৰ সৈতে কৰা আলোচনাৰ অন্তত এইবাৰৰ অমৰনাথ যাত্ৰা বাতিল কৰাৰ সিদ্ধান্ত লয়।

মহামাৰী কৰ’ণাৰ সংক্ৰমণৰ আশংকা কৰিয়েই বাতিল কৰা হৈছে অমৰনাথ যাত্ৰা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.