আন্তঃৰাষ্ট্ৰীয়

২০২২ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা ফৰাচী লেখিকা এনি আৰন’ক্সলৈ

২০২২ চনৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছে ফৰাচী লেখিকা এনি আৰন’ক্সে

২০২২ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা ঘোষণা। বৃহস্পতিবাৰে ছুইডেনৰ ষ্টকহমত ছুইডিছ একাডেমীৰ স্থায়ী সচিব মেটছ মালমে ঘোষণা কৰামতে ২০২২ চনৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছে ফৰাচী লেখিকা এনি আৰন’ক্সে। ৮২ বছৰীয়া আৰন’ক সাহস আৰু নিদানিক তীক্ষ্ণতাৰ বাবে এই বঁটা প্ৰদান কৰে। তেওঁৰ লেখনিৰ জৰিয়তে ব্যক্তিগত স্মৃতিৰ শিপা, বিচ্ছিন্নতা আৰু সামূহিক সংযম উন্মোচন কৰাৰ বাবে এই বঁটা প্ৰদান কৰা বুলি নোবেল সমিতিয়ে উল্লেখ কৰিছে। উল্লেখ্য যে ২০২২ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা বুধবাৰে ঘোষণা কৰা হয়।

কেৰোলিন বেৰ্টজি, মৰ্টেন মেলডেল আৰু কে বেৰী শ্বাৰ্পলেছক ক্লিক কেমিষ্ট্ৰীত তেওঁলোকৰ অনবদ্য অৱদানৰ বাবে যুটীয়াভাৱে প্ৰদান কৰা হৈছে এই বঁটা । ৰয়েল ছুইডিছ একাডেমী অফ ছায়েন্সেছৰ ছোক্ৰেটেৰী জেনেৰেল হান্স এলেগ্ৰেনে বুধবাৰে ষ্টকহোমৰ কাৰোলিন্সকা ইনষ্টিটিউটত বঁটা বিজয়ীৰ নাম ঘোষণা কৰে ।

২০২২ চনৰ নোবেল শান্তি বঁটা শুকুৰবাৰে আৰু অৰ্থনীতিৰ নোবেল বঁটা ১০ অক্টোবৰত ঘোষণা কৰা হ’ব। বঁটাসমূহত ১০ নিযুত ছুইডিছ ক্ৰ’নাৰ নগদ ধন প্ৰদান কৰা হয় আৰু এই বঁটা ১০ ডিচেম্বৰত প্ৰদান কৰা হ’ব। ইতিমধ্যে মঙলবাৰে এই বছৰৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা ঘোষণা কৰা হৈছে। এই বঁটা লাভ কৰিছে পদাৰ্থবিজ্ঞানী এলাইন এস্পেক্ট, জন ক্লজাৰ আৰু এণ্টন জেইলিংগাৰক৷

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.