আন্তঃৰাষ্ট্ৰীয়ৰাজনৈতিক

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতে কিয় চলিছে উত্তৰ কোৰিয়াত ইটোৰ পিছত সিটো পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা?

কৃত্ৰিম উপগ্ৰহৰ পৰা স্পষ্টভাৱে উত্তৰ কোৰিয়াত পাৰমাণবিক পৰীক্ষণৰ গতি বিধি লক্ষ কৰিব পৰা গৈছে। চাৰি বছৰৰো অধিক সময় বন্ধ হৈ আছিল।

কৃত্ৰিম উপগ্ৰহৰ পৰা স্পষ্টভাৱে উত্তৰ কোৰিয়াত পাৰমাণবিক পৰীক্ষণৰ গতি বিধি লক্ষ কৰিব পৰা গৈছে। চাৰি বছৰৰো অধিক সময় বন্ধ হৈ আছিল।

উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে হোৱা শিখৰ সন্মিলনৰ আগে আগে এই পাৰমাণবিক পৰীক্ষণ ক্ষেত্ৰটো বন্ধ কৰাৰ ঘোষণা কৰিছিল। আনকি কেন্দ্ৰটোৰ সুৰংগসমূহ ধ্বংস কৰাৰ দৃশ্য চাবলৈ বিদেশৰ সাংবাদিককো আমন্ত্ৰণ কৰিছিল।

দেশখনৰ পূব প্ৰান্তত থকা পুংগি-ৰি এলেকাত থকা এই কেন্দ্ৰটোত ২০১৭ চনত ষষ্ঠটো আৰু অন্তিমটো পৰমাণু বিস্ফোৰণ কৰিছিল উত্তৰ কোৰিয়াই।

ট্ৰাম্প আৰু কিম জঙৰ মাজত দ্বিতীয়খন বৈঠক বিফল হোৱাৰ পিছত ২০১৯ চনৰ ফেব্ৰুৱাৰীৰ পৰা এই পৰমাণু পৰীক্ষণ কেন্দ্ৰটোত কাম কাজ আৰম্ভ হৈছিল। ইয়াৰ মাজতে উত্তৰ কোৰিয়াই নিজৰ সৈন্য বল বৃদ্ধি কৰিছে। কেৱল ২০২২তে দেশখনে ৯টা পৰ্যায়ত পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা কৰিছে উত্তৰ কোৰিয়াই।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.