দৈনিক বাতৰিভাৰত

জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৪তম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি অপৰ্ণ প্ৰধানমন্ত্ৰী মোডীৰ

শ্ৰদ্ধাঞ্জলি অপৰ্ণৰ লগতে শ্বহীদ দিৱসৰ দিনা আমাৰ দেশক সাহসেৰে সুৰক্ষা প্ৰদান কৰা সকলো মহান ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে

Mahatma Gandhi 74th death anniversary
জাতিৰ পিতা মহাত্মা গান্ধীৰ আজি ৭৪তম মৃত্যু বাৰ্ষিকী।

দেশৰ স্বাধীনতাৰ ক্ষেত্ৰত মহাত্মা গান্ধীয়ে আগবঢ়োৱা অৱদানক সন্মান জনোৱাৰ বাবে মহাত্মা গান্ধীৰ মৃত্যুবাৰ্ষিকীৰ দিনটো প্ৰতি বছৰে শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। ১৯৪৮ চনৰ ৩০ জানুৱাৰীত নাথুৰাম গডে্ছেয়ে মহাত্মা গান্ধীক গুলিয়াই হত্যা কৰিছিল৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি প্ৰতি বছৰে ৩০ জানুৱাৰী দিনটোত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত দুই মিনিটৰ মৌনতা পালন কৰা হয়।

মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষ্যে দেওবাৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি অপৰ্ণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
শ্ৰদ্ধাঞ্জলি অপৰ্ণৰ লগতে শ্বহীদ দিৱসৰ দিনা আমাৰ দেশক সাহসেৰে সুৰক্ষা প্ৰদান কৰা সকলো মহান ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰীয়ে শ্বহীদৰ সেৱা আৰু সাহসিকতা সদায় স্মৰণীয় হৈ থাকিব বুলিও টুইট কৰে।

ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও শ্বহীদ দিৱসত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বাপুৱে প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত স্বদেশী, স্ব-ভাষা আৰু স্বৰাজভাৱ জাগ্ৰত কৰিছিল বুলি উল্লেখ কৰে মহাত্মা গান্ধীৰ চিন্তা আৰু আদৰ্শই প্ৰতিজন ভাৰতীয়ক দেশৰ প্ৰতি সেৱা কৰিবলৈ সদায় অনুপ্ৰাণিত কৰিব বুলি শ্বাহে টুইটত উল্লেখ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.