অসমআঞ্চলিককৃষি

নৈৰ পাৰত মনোমোহা ৰঙালাওৰ বাৰী, কৃষি কৰ্মৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে খোৱাঙৰ উত্তম চেতিয়াই

চলিত বৰ্ষত ১৫ হাজাৰৰো অধিক ৰঙালাও বিক্ৰী কৰিছে যুৱকজনে। কেৱল ৰঙালাও নহয়, বিলাহীৰ খেতিও কৰিছে উত্তম চেতিয়াই।

বুঢ়ীদিহিং নদীৰ পাৰত ৰঙালাওৰ সৌন্দৰ্য্যৰে মনোমোহা এডৰা খেতি। নৈৰ পাৰত ৰঙালাও খেতি কৰি স্বাৱলম্বী এজন যুৱক। স্বাৱলম্বীতাৰ অনন্য নিদৰ্শন দাঙি ধৰিছে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ উত্তম চেতিয়াই। ৰঙালাও খেতি কৰি আদৰ্শৰ পথ দেখুওৱা উত্তম চেতিয়া হৈছে খোৱাং হালধিবাৰী চেতিয়া গাঁৱৰ নিবাসী।

বুঢ়ীদিহিঙৰ চাপৰিত মুঠ ৪৫ বিঘা মাটিত ৰঙালাও খেতি কৰিছে উত্তম চেতিয়াই। চলিত বৰ্ষত ১৫ হাজাৰৰো অধিক ৰঙালাও বিক্ৰী কৰিছে যুৱকজনে। কেৱল ৰঙালাও নহয়, বিলাহীৰ খেতিও কৰিছে উত্তম চেতিয়াই।

পেছাত এজন গৃহৰক্ষী জোৱান উত্তম চেতিয়াই ৰবি শস্যৰ খেতি কৰি বছৰি উপাৰ্জন কৰে ৪-৫ লাখ টকা। বিভিন্নজনৰ পৰা লীজত মাটি লৈ কৰা খেতিডৰাত নিজেও কাম কৰাৰ লগতে আন বহুকেইজন লোককো খেতিৰ বাবে নিয়োজিত কৰিছে উত্তমে।

নৈৰ পাৰত উৎপাদিত ৰঙালাও খোৱাং, মৰাণ, ৰাজমাই বজাৰত বিক্ৰী কৰে উত্তম চেতিয়াই। আনকি, বহু পাচলিৰ ব্যৱসায়ীয়ে তেখেতৰ বাৰীৰ পৰাই পায়কাৰী দৰত ক্ৰয় কৰে ৰঙালাও।

কোনো চৰকাৰী সুবিধা নোলোৱাকৈ নিজা প্ৰচেষ্টাৰে খেতি কৰি স্বাৱলম্বী হোৱা উত্তমে ক’ভিড কালতো খেতিৰ জৰিয়তে যথেষ্ট লাভৱান হ’বলৈ সক্ষম হৈছিল। উত্তম চেতিয়াৰ কৰ্ম আদৰ্শই অঞ্চলটোৰ বহুকেইজন যুৱকক কামৰ প্ৰতি আকৃষ্ট কৰাৰ লগতে বহুতকে দেখুৱাইছে স্বাৱলম্বী হোৱাৰ এক পথ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 16 =

Back to top button