আধুনিক জীৱনশৈলী আৰু অনিয়মীত খাদ্যভ্যাসৰ বাবে আজিকালিৰ বহু সংখ্যক লোকে নানান ধৰণৰ ৰোগত ভুগি থকা দেখিবলে পোৱা যায়। তাৰ ভিতৰত এবিধ হ’ল ইউৰিক এচিডৰ সমস্যা।
যেতিয়া শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বেচি হয়, তেতিয়াই শৰীৰটো আন ৰোগত আক্ৰান্ত হোৱাৰে সম্ভাৱনা প্ৰৱল হৈ পৰে।
ইউৰিক এচিড হৈছে বৰ্তমান সময়ত প্ৰায়ভাগ লোকৰে শৰীৰত দেখিবলৈ পোৱা এটা প্ৰধান সমস্যা। এই ৰোগত আক্ৰান্ত ৰোগীয়ে সচৰাচৰ হাত আৰু ভৰিৰ গাঁঠিত বিষ অনুভৱ কৰা দেখা যায়।
ৰোগবিধক সহজে বুজিবলে হ’লে কব লাগিৱ যে, যেতিয়া শৰীৰত পিউৰিন নামৰ প্ৰ’টিনবিধৰ ভাঙনি আৰম্ভ হয়, তেতিয়া তাৰ অৱশেষবোৰে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি কৰি শৰীৰটোক যন্ত্ৰণা দিবলৈ আৰম্ভ কৰে।
এই ৰোগৰ পৰা উপশম পোৱা এটা অতি সহজ আৰু ঘৰুৱা উপায় হৈছে, আলুৰ ৰস। ইউৰিক এচিড নিয়ন্ত্ৰণত আলুৰ ৰস অতিকৈ কাৰ্যকৰী। ইয়াৰ সেৱনে ইউৰিক এচিড বহু পৰিমাণে নিয়ন্ত্ৰণ কৰি ৰাখে।
আলুৰ ৰসত প্ৰচুৰ পৰিমাণত ডিটক্স পানীয় পদাৰ্থ পোৱা যায়, যিয়ে শৰীৰত থকা বিষাক্ত পদাৰ্থসমূহ আঁতৰ কৰে। ইয়াৰ উপৰিও, আলুৰ ৰস পান কৰিলে বৃক্কৰ কাৰ্যকলাপো বৃদ্ধি হয়। যাৰ ফলত বৃক্কৰ পৰিস্ৰাৱন (Filter) কৰা ক্ষমতা বৃদ্ধি হয়।
নিয়মীত আলুৰ ৰস সেৱনে হাড় আৰু গাঁঠিৰ বিষ আৰু ফুলা উপশম কৰে।