বিশ্বভাৰত
Trending

আজিৰ দিনটো ইতিহাসত কিয় বিশেষ? জানি লওক ১৮ জুনৰ কাহিনী

আজিৰ দিনটোৰ কেইটিমান বিশেষ ঘটনা, যিয়ে দৃষ্টি কাঢ়িছিল সমগ্ৰ বিশ্ববাসীৰ

আজি ১৮ জুন। ইতিহাসৰ পাতত স্মৰণীয় ঘটনাৰ বাবে জিলিকি ৰৈছে এই বিশেষ দিনটো। আজিৰ দিনটোৰ কেইটিমান বিশেষ ঘটনা, যিয়ে দৃষ্টি কাঢ়িছিল সমগ্ৰ বিশ্ববাসীৰ। আহকচোন আমিও পঢ়োঁ আজিৰ দিনটোত বিশ্বত ঘটা কেইটিমান বিশেষ ঘটনাৰ ওপৰত…

 

আন্তৰ্জাতিক পিকনিক ডে’

পৰিয়াল আৰু বন্ধু বান্ধৱৰ সৈতে  ঘৰৰ বাহিৰৰ প্ৰাকৃতিক পৰিবেশত খাদ্য গ্ৰহন আৰু আনন্দৰ সময় অতিবাহিত কৰাৰ লগতে প্ৰকৃতি আৰু আপোনজনৰ সৈতে পুনৰ সংযোগ স্থাপনৰ ধাৰণাক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ১৮ জুনত আন্তৰ্জাতিক পিকনিক ডে’ উদযাপন কৰা হয়।

 

উভতি চাওঁ ইতিহাসত আজিৰ দিনটো…

 

জোৱান অৱ আৰ্কৰ জয়

১৪২৯ চনৰ ১৮ জুনত জোৱান অৱ আৰ্কৰ নেতৃত্বত ফৰাচী সেনাবাহিনীয়ে পাটাই যুদ্ধত ইংৰাজক পৰাস্ত কৰে। অজেয় বুলি অভিহিত ইংৰাজ সেনাৰ বিৰুদ্ধ ফৰাচী সৈন্যৰ এই জয়লাভ বিখ্যাত শতবৰ্ষীয় যুদ্ধৰ এক গুৰুত্বপূৰ্ণ পৰিঘটনা হিচাপে চিহ্নিত হয়।

হলদিঘাটৰ যুদ্ধত মোগলৰ জয়লাভ

১৫৭৬ চনৰ ১৮ জুনত ঐতিহাসিক হলদিঘাটৰ যুদ্ধত মেৱাৰৰ ৰাজপুত শাসক মহাৰাণা প্ৰতাপ সিংহক মোগল সম্ৰাট আকবৰৰ সেনাই পৰাস্ত কৰে। যুদ্ধত পৰাজয় বৰণ কৰি ৰাজপুত বাহিনী পিছুৱাই যায় যদিও প্ৰতাপ সিংহই  মোগল শাসনৰ বিৰুদ্ধে প্ৰতিৰোধ অব্যাহত ৰাখে।

ৱাটাৰলু  যুদ্ধত নেপোলিয়নৰ পৰাজয়

১৮১৫ চনৰ ১৮ জুনত ড্যুক অৱ ৱেলিংটন আৰু মাৰ্শ্বাল ব্লুচাৰৰ নেতৃত্বৰ মিত্ৰজোঁটৰ বিৰুদ্ধে ৱাটাৰলু যুদ্ধত  ফৰাচী বাহিনী পৰাস্ত হয়। বৃটিছে নেপোলিয়নক বন্দী কৰি চেণ্ট হেলেনালৈ নিৰ্বাসিত কৰে। এই যুদ্ধই ইউৰোপীয় ইতিহাসত নেপোলিয়ন যুগৰ অন্ত পেলাই ৰাজনৈতিক স্থিতিশীলতাৰ এক নতুন যুগৰ সূচনা কৰে।

আটলাণ্টিক পাৰ হোৱা প্ৰথম মহিলা

১৯২৮ চনৰ ১৮ জুনত আমেলিয়া ইয়াৰহাৰ্ট উৰাজাহাজেৰে আটলাণ্টিক মহাসাগৰ পাৰ হোৱা প্ৰথম মহিলা হিচাপে পৰিগণিত হয়। তেওঁ পাইলট উইলমাৰ “বিল” ষ্টাল্টজ আৰু লুই “স্লিম” গৰ্ডনে পৰিচালনা কৰা ফকাৰ ট্ৰাই-মটৰ বিমান “ফ্ৰেণ্ডশ্বিপ” ত নিউফাউণ্ডলেণ্ডৰ পৰা ২০ ঘণ্টা ৪০ মিনিট যাত্ৰা কৰি ৱেলছৰ বাৰী বন্দৰত অৱতৰণ কৰিছিল।

গোৱাত পৰ্তুগীজ শাসনৰ বিৰুদ্ধে সত্যাগ্ৰহ

১৯৪৬ চনৰ ১৮ জুনত পৰ্টূগিজৰ দখলৰ পৰা গোৱাক ভাৰতত অন্তৰ্ভুক্তিৰ লক্ষ্যৰে ড° ৰাম মনোহৰ লোহিয়াৰ নেতৃত্বত পৰ্তুগীজ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে গোৱাত প্ৰথম সত্যগ্ৰহ আৰম্ভ হয়। ১৯৬১ চনৰ ১৯ ​​ডিচেম্বৰত ভাৰতীয় সেনাই গোৱা দমন আৰু ডিউক পৰ্তুগীজ শাসনৰ পৰা মুক্ত কৰে।

প্ৰথম লং প্লেইং ৰেকৰ্ড

১৯৪৮ চনৰ  ১৮ জুনত কলম্বিয়া ৰেকৰ্ডছে প্ৰথমখন এল পি ৰেকৰ্ড প্ৰৱৰ্তন কৰে। পূৰ্বে প্ৰচলিত ৭৮ আৰ পি এম ৰেকৰ্ডৰ স্থানত প্ৰতিটো ফালে প্ৰায় ২৫ মিনিটৰ উচ্চমানৰ শব্দ বাণীবদ্ধ কৰা ৩৩ ১/৩ আৰ পি এমৰ ১২ ইঞ্চিৰ এই ভিনাইল লং প্লেইং ৰেকৰ্ড সোনকালেই জনপ্ৰিয় হৈ উঠে।

ভাৰতীয় জীৱন বীমা নিগম প্ৰতিষ্ঠা

১৯৫৬ চনৰ ১৮ জুনত জীৱন বীমা নিগম আইনৰ অধীনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতীয় জীৱন বীমা নিগম গঠন কৰে। ২৪৫টা ব্যক্তিগত জীৱন বীমা কোম্পানী আৰু অন্যান্য সত্তাক একত্ৰিত কৰি ভাৰত চৰকাৰে ভাৰতীয় জীৱন বীমা নিগমৰ জন্ম দিছিল।

শকুন্তলা দেৱীৰ অভিলেখ

১৯৮০ চনৰ ১৮ জুনত মানৱ কম্পিউটাৰ হিচাপে খ্যাত শকুন্তলা দেৱীয়ে লণ্ডনৰ ইম্পেৰিয়েল কলেজত জটিল অংকৰ তাৎক্ষণিক মৌখিক সমাধান উলিয়াই অভিলেখ সৃষ্টি কৰে। মাত্ৰ ২৮ ছেকেণ্ডত ১৩ অংকৰ দুটা সংখ্যাৰ পুৰণফল উলিওৱা তেওঁৰ এই সামৰ্থ্য মানুহৰ দ্ৰুততম গণনা বুলি পৰিগণিত হয়।

ভাৰতীয় বেডমিণ্টন কনফেডাৰেচন প্ৰতিষ্ঠা

১৯৯৭ চনৰ ১৮ জুনত প্ৰকাশ পাডুকনে ভাৰতত বেডমিণ্টনৰ উৎকৰ্ষ সাধনৰ লক্ষ্যৰে ভাৰতীয় বেডমিণ্টন কনফেডাৰেচন IBC প্ৰতিষ্ঠা কৰিছিল। এই সংস্থাই প্ৰতিভাৰ সন্ধান, উন্নত প্ৰশিক্ষণ আৰু আধুনিকীকৰণৰ জৰিয়তে বিশ্ব বেডমিণ্টনত ভাৰতৰ সফলতাৰ ভেটি স্থাপন কৰে।

মানুহৰ স্বাৰ্থপৰতাই গোলকীয় উষ্ণতাৰ কাৰণ

২০১৫ চনৰ ১৮ জুনত পোপ ফ্ৰান্সিছে জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ সুৰক্ষাৰ সম্পৰ্কে তেওঁৰ ঐতিহাসিক নথি এনচাইক্লিকেল লাউডাটো ছি’ ত গোলকীয় উষ্ণতা বৃদ্ধি আৰু পৰিৱেশৰ অৱক্ষয়ৰ বাবে “মানৱ স্বাৰ্থপৰতা”ক  দোষাৰোপ কৰে। তেওঁ সকীয়াই দিয়ে যে মানুহৰ লোভ আৰু দায়িত্বহীন স্বাৰ্থপৰ আচৰণে পৃথিৱীৰ ভীষণ ক্ষতি কৰিছে।

 

জন্ম আৰু মৃত্যু:

 

বিউটি শৰ্মা বৰুৱাৰ জন্মদিন

১৯৫১ চনৰ ১৮ জুনত গোলাঘাট জিলাৰ ডফলাটিং চাহ বাগিচাত জন্ম হৈছিল ভূপেন হাজৰিকাৰ সৈতে দ্বৈত কণ্ঠৰ “তোমালৈ মনত পৰে”, “তুমি জোন নে সোণ নে শিখা” আদি কালজয়ী গীত গোৱা অনাতাঁৰ, দূৰদৰ্শন আৰু ৰেকৰ্ড এলবাম যোগে বহু গীতৰ জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ।

ঝান্সীৰ ৰাণী লক্ষ্মী বাঈৰ মৃত্যু

১৮৫৮ চনৰ ১৮ জুনত ৩০ বছৰ গোৱালিয়ৰত মৃত্যু হৈছিল ব্ৰিটিছ সেনাৰ বিৰুদ্ধে যুঁজ দি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক প্ৰেৰণাদায়ক ব্যক্তিত্বত পৰিণত হোৱা তৰোৱাল যুদ্ধ আৰু ঘোঁৰা চলোৱাত পাৰ্গত ঝান্সীৰ ৰাণী বীৰাংগনা লক্ষ্মী বাঈৰ ।

মেক্সিম গৰ্কীৰ মৃত্যু

১৯৩৬ চনৰ ১৮ জুনত ৬৮ বছৰ বয়সত মস্কোত মৃত্যু হৈছিল আত্মজীৱনীমূলক ত্ৰিলজী, মাই চাইল্ডহুড, ইন দ্য ৱৰ্ল্ড, মাই ইউনিভাৰ্চিটিজ আৰু বিখ্যাত উপন্যাস মাদাৰৰ স্ৰষ্টা ,কিম্বদন্তি ৰুছ চুটিগল্প লেখক, ঔপন্যাসিক, নাট্যকাৰ জনৰ। প্ৰকৃত নাম এলেক্সেই মেক্সিমভিছ পেচকভ।

মিলখা সিঙৰ মৃত্যু

২০২১ চনৰ ১৮ জুনত ক’ভিদ মহামাৰীত আক্ৰান্ত হৈ ৯১ বছৰ বয়সত চণ্ডীগড়ত জীৱনৰ ট্ৰেকৰ পৰাই চিৰ বিদায় লয় এছিয়ান গেমছ আৰু কমনৱেলথ গেমছৰ ৪০০ মিটাৰ দৌৰত স্বৰ্ণপদক জয়ী ‘উৰন্ত শিখ’ নামেৰে খ্যাত ভাৰতৰ কিম্বদন্তি দৌৰবিদজনে।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.