অসম

হাউলীত শোকাৱহ পথ দুৰ্ঘটনাত নিহত ৯ বছৰীয়া কণমাণি

আহত সকল চিকিৎসালয়ত চিকিৎসাধীন

হাউলীত এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় নাৰগিছ নামৰ ৯ বছৰীয়া এটি শিশু।

হাউলীৰ মৌটুপুৰিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনা। ML 05 M 0071 নম্বৰৰ চাৰি চকীয়া বাহন খনে বৰপেট‍ৰোডৰ পৰা হাউলীৰ বালাভিঠাত  গৈ থকা অৱস্থাত ৰাস্তাৰ কাষত ৰখাই থোৱা AS 15 AC 1988 নম্বৰৰ অবৈধ বালি কঢিওৱা  ট্ৰেক্টৰ এখনে পিছ পিনৰ পৰা খুন্দিয়াৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

বাহনখনত আছিল একে পৰিয়ালৰ চাৰি গৰাকী লোক। ইয়াৰ মাজতে থিতাতে নিহত হয় বাহনখনত থকা নাৰগিচ খাতুন নামৰ ৯ বছৰীয়া শিশুটিৰ। লগতে গুৰুতৰ ভাবে আহত হয় আন তিনি গৰাকী লোক। আহত লোক কেইগৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বৰপেটা জিলাখনৰ লগতে হাউলী অঞ্চলত বন বিভাগক মেনেজ কৰি প্ৰতিদিনে শিল বালি কৰিওৱা ট্ৰেক্টৰে সন্ত্রাস চলাই আহিছিল।

কোনো ধৰণৰ নিতি নিয়ম নামানি যদে মদে ট্ৰেক্টৰ  ৰখাই থোৱাৰ ফলতে পুৰ্বতেও এনেধৰণ দুৰ্ঘটনা সংঘটিত হৈ অহাৰ লগতে আজিও এনে ধৰণ দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযোগ তুলিছে।

ঘটনাস্থলীত হাউলী  আৰক্ষী উপস্থিতহৈ অবৈধ বালি কঢিওৱা বাহন খন জব্দ কৰি থানালৈ লৈ আহে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 7 =

Back to top button