Covid-19অসমউৎসৱ

ক’ভিডৰ দ্ৰুত সংক্ৰমণেও কমাব পৰা নাই অসমীয়াৰ ভোগালীৰ প্ৰস্তুতি!

ভিন্ন প্ৰান্তত বিভিন্ন আৰ্হিৰে ভেলাঘৰ-মেজিৰ সমান্তৰালকৈ পৰম্পৰাগত খেল ধেমালিৰ আয়োজনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালীৰ প্ৰস্তুতি। ক’ভিডৰ দ্ৰুত সংক্ৰমণেও কমাব পৰা নাই অসমীয়াৰ হিয়াৰ আমঠু ভোগালী উদযাপনৰ প্ৰস্তুতি। ভিন্ন প্ৰান্তত বিভিন্ন আৰ্হিৰে ভেলাঘৰ-মেজিৰ সমান্তৰালকৈ পৰম্পৰাগত খেল ধেমালিৰ আয়োজনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

আনহাতে, ভোগালীৰ বজাৰতো এতিয়া ভৰি পৰিছে বিভিন্ন ৰকমৰ পিঠা,দৈ-ক্ৰীমকে ধৰি স্থানীয়ভাৱে প্ৰস্তুত কৰা গামোচা আদিৰে।

সম্পূৰ্ণ ক’ভিড বিধি মানি ভোগালীৰ আয়োজন কৰা হৈছে যদিও ৰাজ্য চৰকাৰে ভোগালী বিহুক লৈ জাৰি কৰা SOP-এ বিপাঙত পেলাইছে বিহুবলীয়া ৰাইজক।
অৱশ্যে একাংশ জনতাই অসন্তুষ্টি প্ৰকাশ কৰাৰ পাছত মঙলবাৰে ভোগালী বিহুৰ SOPক লৈ সময়সীমা হ্ৰাস কৰিলে মুখ্যমন্ত্ৰীয়ে। সেই অনুসৰি, উৰুকাৰ দিনা নিশা ১১ বজাৰ পৰা পুৱা ৪ বজালৈহে বলৱৎ থাকিব সান্ধ্য আইন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + 20 =

Back to top button