আন্তঃৰাষ্ট্ৰীয়জীৱনশৈলীমনোৰঞ্জনস্বাস্থ্য

১২ ছেণ্টিমিটাৰ দীঘল নেজৰ সৈতে উপজিল শিশু! সৰ্বত্ৰে কৌতূহল

আজৱ পৃথিৱীৰ গজৱ কাহিনী

১২ ছেণ্টিমিটাৰ দীঘল নেজৰ সৈতে উপজিল শিশু! সৰ্বত্ৰে কৌতূহল

আজৱ পৃথিৱীৰ গজৱ কাহিনী। ব্ৰাজিলৰ এখন চিকিৎসালয়ত ১২ ছেণ্টিমিটাৰ দীঘল নেজৰ সৈতে জন্ম হোৱা এটি শিশুক কেন্দ্ৰ কৰি চিকিৎসালয়খনত অন্তহীন কৌতুহলৰ সৃষ্টি হয়।

স্বাভাৱিকতে এই ঘটনাক সাধাৰণভাৱে ল’ব পৰা নাই চিকিৎসক তথা অভিভাৱকে। সংবাদ মাধ্যমৰো শিৰোনাম দখল কৰিছে এই ঘটনাই। চিকিৎসকসকলে ইয়াক এক বিৰল ঘটনা বুলি জনাইছে। বিজ্ঞানী সকলে উক্ত নেজ ডালক প্ৰকৃত মানুহৰ নেজ হিচাপে অভিহিত কৰিছে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, কেঁচুৱাটো ব্ৰাজিলৰ উত্তৰ-পূবৰ উপকূলীয় চহৰ ফৰ্টালেজাৰ এলবাৰ্ট চাবিন চিল্ড্ৰেনছ হস্পিটেলত জন্ম হৈছিল। গৰ্ভধাৰণৰ প্ৰায় ৩৫ সপ্তাহৰ পাছত নিৰ্ধাৰিত সময়ৰ পূৰ্বেই জন্ম হৈছিল কেঁচুৱাটিৰ। নেজডালৰ এটা মুৰত এটা গোলাকাৰ আকৃতিৰ বল সদৃশ গঠনো আছে।

উল্লেখ্য যে, চিকিৎসকে সফলভাৱে শিশুটিৰ শৰীৰৰ পৰা উক্ত নেজডাল শৰীৰৰ পৰা বিচ্ছিন্ন কৰে সক্ষম হয়।

অস্ত্ৰোপচাৰৰ দ্বাৰা চিকিৎসকে শিশুটিৰ শৰীৰৰ পৰা নেজদাল বিচ্ছিন্ন কৰে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.