Socialঅসম

অসমত নচলিব অসমীয়া ভাষা, কেৱল চলিব বাংলা! আঁতৰাই পেলোৱা হ’ল অসমীয়া ভাষাত লিখিত বেনাৰ-পোষ্টাৰ…

বৰাক উপত্যকাৰ শিলচৰত লগোৱা ভাৰত চৰকাৰৰ অসমীয়া ভাষাত লিখা বিজ্ঞাপনৰ পোষ্টাৰ, হৰ্ডিং সমূহ ৪৮ ঘণ্টাৰ ভিতৰত আঁতৰোৱাৰ বাবে শিলচৰ প্ৰশাসনক আহ্বান জনাইছিল বৰাক ডেমোক্রেটিক ফ্রন্টৰ (BDF) মুৰব্বী তথা বঙালী নেতা প্ৰদীপ দত্তৰয়ে৷

অসমতে পুনৰ এলাগী হ’ল অসমীয়া ভাষা। পুনৰ বিতৰ্কত সোমাইছে অসমীয়া ভাষা। এইবাৰ অসমীয়া ভাষা ব্যৱহৃত পোষ্টাৰ আঁতৰোৱাৰ নিৰ্দেশ দিলে বঙালী নেতা প্ৰদীপ দত্তৰয়ে।

বৰাক উপত্যকাৰ শিলচৰত লগোৱা ভাৰত চৰকাৰৰ অসমীয়া ভাষাত লিখা বিজ্ঞাপনৰ পোষ্টাৰ, হৰ্ডিং সমূহ ৪৮ ঘণ্টাৰ ভিতৰত আঁতৰোৱাৰ বাবে শিলচৰ প্ৰশাসনক আহ্বান জনাইছিল বৰাক ডেমোক্রেটিক ফ্রন্টৰ (BDF) মুৰব্বী তথা বঙালী নেতা প্ৰদীপ দত্তৰয়ে৷

শিলচৰৰ মেহেৰপুৰৰ এখন পেট্ৰলপাম্পসহ বিভিন্ন ঠাইত ওলমি আছিল অসমীয়া ভাষাত লিখা পোষ্টাৰসমূহ। এই পোষ্টাৰসমূহ আঁতৰাই তাৰ ঠাইত বাঙালী ভাষাত লিখা পোষ্টাৰ ওলমোৱাৰ বাবে আহ্বান জনাইছিল প্ৰদীপ দত্তৰয়ে। বাঙালী নেতাগৰাকীয়ে কাছাৰ জিলা প্ৰশাসনক আহ্বান জনোৱাৰ পিছতেই আঁতৰাই পেলৱা হ’ল শিলচৰৰ বিভিন্ন ঠাইত ওলমি থকা অসমীয়া ভাষাৰ বেনাৰ-পোষ্টাৰ৷

এই ঘটনাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তুমুল বিতৰ্কৰ। বিভিন্ন সংগঠনৰ লোক, নেতা, সাহিত্যিকে প্ৰদীপ দত্তৰয়ৰ এই অসমীয়া বিৰেধী চিন্তাধাৰাক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে। অসমতে অসমীয়া ভাষাৰ এই অৱস্থা হোৱাত এতিয়া সকলোৱে বাঙালী নেতাগৰাকীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে প্ৰশাসনক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.