
কিয় ৰেহাই দিব নালাগে শ্যামকানু মহন্তক?
২০২২ চনৰ কথা,শ্যামকানু মহন্তকৰ মালিকানাধীন ৰঙালী ফেষ্টিভেলত বলিউদৰ গায়িকা শ্ৰুতি হাচানক গুৱাহাটীলৈ নিমন্ত্ৰণ কৰি আনিছিল শ্যামকানু মহন্তই।
সেই সময়চোৱাত –
● শ্যামকানু মহন্তই শ্ৰুতি হাচানক গুৱাহাটীলৈ নিজে বিমানবন্দৰৰ পৰা আদৰি আনিছিল
● শ্ৰুতি হাচানক শ্যামকানু মহন্তই VVIP সেৱা প্ৰদান কৰিছিল
● শ্ৰুতি হাচানৰ সৈতে দুগৰাকী চৰকাৰী দেহৰক্ষী নিয়োগ কৰিছিল শ্যামকানু মহন্তই
● শ্ৰুতি হাচানক মঞ্চতো এগৰাকী চৰকাৰী দেহৰক্ষী আৰু ব্যক্তিগত বাউঞ্চাৰ নিয়োগ কৰিছিল শ্যামকানু মহন্তই
● শ্ৰুতি হাচানৰ লগত ব্যক্তিগত আৰু চৰকাৰী ডক্টৰো নিয়োগ কৰিছিল শ্যামকানু মহন্তই
কিন্তু শ্যামকানু মহন্তই ছিংগাপুৰত বিলাসী ভাবে নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰি অন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত জনপ্ৰিয় জুবিন গাৰ্গক নিমন্ত্ৰণ কৰি….
● কিয় ৰেষ্টুৰেণ্ট আৰু জাহাজত ছিংগাপুৰত থকা ভাৰতীয় দূতাবাসৰ লগত কথা পাতি জুবিনক দেহৰক্ষী নিয়োগ কৰা নহল?
● জুবিনৰ লগত কিয় ডক্টৰ নিয়োগ কৰা নহল ?
● বিমানবন্দৰৰ পৰা কিয় জুবিন গাৰ্গক শ্যামকানু মহন্তই আদৰি আনিবলৈ নগল ?
● কিয় ব্যক্তিগত বাউঞ্চাৰ জুবিনৰ লগত নিয়োগ কৰা নহল ?
● কিয় হোটেলৰ কোঠাৰ বাহিৰত আৰু জাহাজত জুবিনক ডক্টৰ আৰু নিৰাপত্তাৰক্ষী নিয়োগ কৰা নহল ?
● কিয় জুবিন গাৰ্গে খোৱা খাদ্য পৰীক্ষা কৰাৰ বাবে কোনো পৰীক্ষক নিয়োগ কৰা নহল
● জুবিনৰ মৃত্যু হোৱা ঘটনাৰ খবৰ পোৱাৰ লগে লগে শ্যামকানু মহন্তই মিটিংৰ পৰা উঠি নাহি কিয় জুবিনৰ খবৰ লবলৈ অন্যক নিৰ্দেশ দিলে ?
এতিয়া কেচু খান্দোতে সাপ উলাইছে। ইয়াৰ উত্তৰ দিব নে শ্যামকানু মহন্তই ?

